ASSAM TIMES POST
নিউজ ডেস্ক:

মহামাৰী কৰ’না ভাইৰাছ আতংকিত এতিয়া সমগ্ৰ বিশ্ববাসী।প্ৰায় বিশ্বত ১৩লাখ ব্যক্তি কৰ’না ভাইৰাছ তথা ক’ভিড-১৯আক্রান্ত হৈছে।
তাৰ মাজতে আহিছে এক ভয়ংকৰ খবৰ মহামাৰী ক’ভিড-১৯ত আক্রান্ত হৈছে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন।দেওবাৰে ৰাতি আক্রান্ত প্ৰধানমন্ত্ৰী জনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।এই কথা প্ৰকাশ কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি “জনছনৰ দেহত কৰ’না ভাইৰাছৰ লক্ষণ দেখা গৈছে।পৰীক্ষাৰ বাবে জনছনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত”।
উল্লেখ যে এই সন্দৰ্ভত চিকিৎসকেও পৰামৰ্শ জনাইছিল জনছনক চিকিৎসালয়ত ভৰ্তি হবলৈ।।
ইফালে যোৱা ২৭মার্চতে প্ৰধানমন্ত্ৰী জনছন কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাতো প্ৰথম পোহৰলৈ আহিছিল। সেই তেওঁ দেহত পোৱা গৈছিল ক’ভিড-১৯ৰ পজিটিভ।তাৰ পিছৰে পৰা আইছ’লেশ্যনত আছিল জনচন।













