ASSAM TIMES POST
নিউজ ডেস্ক: লক ডাউনৰ মাজতে মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।খাৰঘুলি বেলতল শিৱমন্দিৰৰ সমীপত আজি দিনৰ১১ বজাত সংগটিত হয় পথ দূৰ্ঘটনা।তীব্ৰবেগী বলে’ৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ।দুর্ঘটনাত গুৰুত্ব ভাৱে আহত হয় মটৰ চাইকেলৰ আৰোহি জন। দূৰ্ঘটনা সংঘটিত হোৱা বলে’ৰ খনৰ নম্বৰ AS 01DU 5657 আৰু মটৰ চাইকেলৰ নম্বৰ AS 01EA 0563।

গুৰুত্বপূৰ্ণ কথা এই যে ব’লেৰ খনৰ আৰোহি গৰাকীৰ গৈ আছিল আদালতলৈ।আনহাতে মটৰ চাইকেলৰ আৰোহি জন জানিব পৰা মতে কাৰোবাৰ ব্যক্তিগত সচিব( pso) ৷ গুৰুতৰ ভাবে আহত বাইক আৰোহী জনক চিকিৎসাৰ বাবে লতাশিল আৰক্ষীৰ বাহনত লৈ যোৱা হয় চিকিৎসায়লৈ।













