ASSAM TIMES POST
নিউজ ডেস্ক: কালিয়েই শাৰীৰিক অসুস্থতা অধিক বৃদ্ধি পোৱাত ঘৰৰ isolation ৰ পৰা তেওঁক হাস্পাতাললৈ স্থানান্তৰিত কৰা হৈছিল। আজি ব্ৰিটিছ প্রধান মন্ত্রী বৰিছ জনছনৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটে। ক’ৰ’ণা ভাইৰাচত আক্ৰান্ত ব্ৰিটিছ প্ৰধান মন্ত্ৰীজনক সেয়েহে এতিয়া ভর্তি কৰোৱা হৈছে ICUt। এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া ব্ৰিটেইনত নতুনকৈ আশংকাৰ সৃষ্টি হৈছে।
সূত্ৰ মতে, আজি পুৱাৰ পৰাই প্ৰবল শ্বাস কষ্ট আৰম্ভ হয় প্রধান মন্ত্ৰীজনৰ। হাস্পাতালত ভৰ্তি কৰোৱাৰ পিছতেই অক্সিজেন দিব লগা হয় তেওঁক। এই কথা স্পষ্ট কৰিছে প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ পৰা। আনহাতে, চিকিৎসকে প্ৰকাশ কৰা মতে ক’ৰ’ণা ভাইৰাচৰ লক্ষণসমূহে তেওঁৰ শৰীৰত অধিক জটিল ৰূপ ধাৰণ কৰিছে।













