ASSAM TIMES POST
দিল্লীৰ নিজামুদ্দিন মার্কাজ তবলীগ জামাতৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমণ হোৱা কথাটোক বিতৰ্কিত ৰূপ দিয়া বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ । ধিং সমষ্টি এআইইউডিএফৰ বিধায়কগৰাকীক দীঘলীয়া সোধ-পোচৰ অন্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
উল্লেখ যে, বিধায়ক ইছলামক সোমবাৰে নগাঁও আৰক্ষীয়ে আটক কৰিছিল । তাৰ পিছত সন্ধিয়াৰ পৰা চলিছিল জেৰা। দীঘলীয়া জেৰা অন্তত আজি পুৱা নগাঁও আৰক্ষীয়ে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে । বৰ্তমান নগাঁও থানাত ৰখা হৈছে বিধায়ক ইছলামক।













