ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণাৰ প্ৰৱল সংক্ৰমণত সমগ্ৰ পাকিস্তান জৰ্জৰিত। লাহোৰৰ পৰা সিন্ধ, সকলো অঞ্চলতেই এজনৰ পিছত আনজন কৰণাত আক্ৰান্ত লোকৰ খবৰ আহিছে পাকিস্তানত। এনে পৰিস্থিতিত দেশজুৰি চিকিৎসা ব্যৱস্থা ভাঙি পৰিছে। চিকিত্সকসকলে লাভ কৰা নাই উপযুক্ত পোছাক, যি পৰিধান কৰি চিকিৎসা কৰা হয়। এনে পৰিস্থিতিত কৰুণ অৱস্থা পাকিস্তানত।
PPE সহ একাধিক অতি প্ৰয়োজনীয় চিকিৎসা সংক্ৰান্তীয় সামগ্ৰী তথা ভাইৰাচ চেফটি সামগ্রী প্ৰদানৰ দাবী তুলিছে চিকিৎসকসকলে। আৰু এই দাবীতে সৰৱ হৈ শেষত ৰাজপথত নামি প্ৰতিবাদ জনাবলগীয়াও হৈছে তেওঁলোকে।

আনহাতে, ক’ৰ’ণাৰ প্ৰকোপত য’ত চিকিৎসকসকলক ঈশ্বৰৰ আসনত বহুৱাইছে সমগ্ৰ বিশ্বই, ত’ত পাকিস্তানত প্ৰতিবাদৰত ৫০জন চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে ইমৰাণ প্ৰশাসনে। এনে পৰিস্থিতিত দেশখনত সংকট অধিক বৃদ্ধি পাইছে।













