ASSAM TIMES POST
নিউজ ডেস্ক
মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা হোৱা ২১দিনীয়া লক ডাউন শেষ হ’বলৈ মাজত এটা সপ্তাহ বাকী।পুনৰ লক ডাউন বৃদ্ধি কৰা হব নে নহয় সেই সন্দৰ্ভত দেশৰ সকলো ৰাজ্য মুখ্যমন্ত্ৰীৰে অহা শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ বৈঠক।
ভিডিঅ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্য মুখ্যমন্ত্ৰী সকলৰ পৰা নিজ নিজ ৰাজ্যেৰ শেহতীয়া পৰিস্থিতিৰ কথা বুজ ল’ব।উক্ত বৈঠকতে সকলো মুখ্যমন্ত্ৰীৰে মতামত গ্ৰহণ কৰি লকডাউনৰ ম্যাদ বৃদ্ধি হব নে নহয় সেই সন্দৰ্ভত ল’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

উল্লেখ যে যোৱা ২৪মার্চ লকডাউন ঘোষনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে মিলিত হৈছিল ৰাজ্য মুখ্যমন্ত্ৰী সকলৰ সৈতে।তাৰ পিছতে ঘোষণা হৈছিল ২১দিনীয়া লক ডাউন। ইফালে আজি সংসদৰ বিৰোধীৰ দলৰ দলপতি সকলৰ সৈতেও এক ভিডিঅ কনফাৰেন্সৰ জৰিয়তে এই সন্দৰ্ভত এক বৈঠকত মিলিত হয়।গুৰুত্বপূৰ্ণ কথা এই যে অহা ১৪এপ্ৰিললৈ দেশত বাহাল আছে লকডাউন।













