ASSAM TIMES POST
নগাঁও : লকডাউনৰ সময়ছোৱাত নগাঁও জিলাত খাদ্য সামগ্ৰীৰ মজুতকৰণৰ লগতে সামগ্ৰীৰ নিৰ্ধাৰিত মূল্য আদি বিষয় সমূহ বুজ লবৰ বাবে আজি অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী নগাঁৱলৈ আহে। নগাঁও আৱৰ্ত ভৱন সভা-কক্ষত মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনৰ লগতে জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া সকলৰ লগত এখন বৈঠকত মিলিত হয়।
বৈঠকত মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়া সকলৰ পৰা জিলাখনত যাবতীয় খাদ্য সামগ্ৰীৰ মজুতকৰণ সন্দৰ্ভত বুজ লয়। জিলাখনৰ জনসাধাৰণে যাবতীয় খাদ্য সামগ্ৰী সঠিক ভাবে লাভ কৰাৰ লগতে কোনো কাৰণতে যাতে মূল্যবৃদ্ধি নহয় তাৰ ওপৰত লক্ষ্য ৰাখিবলৈ মন্ত্ৰী গৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে। উক্ত বৈঠকত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত যাদৱ শইকীয়া, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ উপৰি জিলাখনৰ ভালেসংখ্যক পাইকাৰী দোকানৰ স্বত্বাধিকাৰী উপস্থিত থাকে ।

ইপিনে নগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত এক সংবাদ মেলত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনত খাদ্য সামগ্ৰী মজুত থকা বুলি উল্লেখ কৰি লগতে কয় যে বৰ্তমান নগাঁও জিলাখনত আগন্তুক এপষেকৰ বাবে খাদ্য সামগ্ৰী মজুত আছে । আনহাতে লকডাউনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত আৱদ্ধ হৈ থকা খাদ্য সামগ্ৰী কঢ়িয়াই অনা বাহন সমূহ আহি পালে এমাহলৈ খাদ্য সামগ্ৰীৰ নাটনি নহয়।
আনহাতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত কার্ড থকা লোকৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই চলিত মাহৰ পৰা অতিৰিক্ত পাঁচ কেজি চাউল বিনামূলীয়াকৈ লাভ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে অহা জুন মাহ পৰ্যন্ত এই অতিৰিক্ত চাউল লাভ কৰিবলৈ সক্ষম হব। আনহাতে এই আচঁনিৰ অন্তৰ্ভুক্ত নোহোৱা দৰিদ্ৰ লোককো চৰকাৰৰ ফালৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। ইপিনে একাংশ সুলভ মূল্যৰ দোকানে উপভোক্তাক সামগ্ৰী বিতৰণত অনিয়ম সংঘটিত কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ পালে জিলা প্ৰশাসনৰ সহযোগত যোগান বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব ।
ইতিমধ্যে অনিয়ম সংঘটিত কৰা নগাঁৱৰ চাৰিখন সুলভ মূল্যৰ দোকানৰ বিৰুদ্ধে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে । ইপিনে লকডাউনৰ সুবিধা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্য আৰু অসামৰিক যোগান বিভাগে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে । ইয়াৰ পাচতো যদি কোনো ব্যৱসায়ীয়ে সামগ্ৰীৰ মূল্য বেছিকৈ লয় তেন্তে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব।













