ASSAM TIMES POST
ডিফু : চৰকাৰে আহ্বান জনোৱা লকডাউনৰ সময়ত আৰ্তজনে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলা নাৰ্ছ সন্থা আৰু চতুৰ্থবৰ্গ কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰ্তজনৰ মাজত খাদ্য আৰু ছেনিটাইজেছন সামগ্ৰীৰ বিতৰণ কৰা হয় ৷ ডিফু চহৰৰ পৰা ৫ কিলোমিটাৰমান নিলগৰ লাংমিলি নামৰ গাওঁ এখনৰ আৰ্তজনৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷ ২৪ ঘণ্টাই চিকিৎসা সেৱাত জড়িত হৈ থকাৰ পিছত নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে লকডাউনৰ সময়ত আৰ্তজনলৈ আগবঢ়োৱা সাহায্য প্ৰশংসনীয় বুলি সচেতন মহলত চৰ্চিত হৈছে ৷
নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আগবঢ়োৱা সহায্য সামগ্ৰীসমূহৰ ভিতৰত আছিল চাইল, ডাইল, ছয়াবিন মিঠাতেল, নিমখ, বিস্কুট আৰু চাবোন ৷ বিতৰণস্থলীত হিতাধিকীৰীৰ মাজত সামাজিক দূৰত্ব বজাই ৰখাৰ লগত ৰাইজক ছেনিটাইজেছনৰ ব্যৱস্থা কৰি দিয়া পৰিলক্ষিত হয় ৷
শেষত, কাৰ্বি আংলং নাৰ্ছ সন্থাৰ সাধাৰণ সম্পাদিকা জুৰিমনি বৰুৱাই সাংবাদিকৰ আগত কয় যে, ক’ভিড-19ৰ বাবে ৰাইজৰ মাজত সামাজিক দূৰত্ব বজাই ৰখা আৰু বাৰে বাৰে হাতধোৱা নিত্যান্ত প্ৰয়োজনীয় ৷ লকডাউনৰ মাজত ৰাইজৰ সুবিধাৰ বাবেই এই ব্যৱস্থা ৷ আনহাতে, কাইলৈ গুডফ্ৰাইডে ৷ গুডফ্ৰাইডৰ প্ৰাকক্ষণত আৰ্তজনলৈ সহায় আগবঢ়াবৰ বাবে এনে সাহায্য বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷













