ASSAM TIMES POST
বাহাৰঘাটঃ লকডাউনত ঘৰত আৱদ্ধ হৈ থকা জনসাধাৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সাহাৰ্য্য ঘোষণা কৰিছে ৷ এই সাহাৰ্যতে লাগিল আউল ৷ এফালে তলাবন্ধ আৰু আনফালে সাহাৰ্যৰ ধন বিচাৰি বেংকত জনতাৰ শাৰী৷ মনকৰিবলগীয়া যে, লকডাউনৰ বাবে গৃহত আৱদ্ধ হৈ থকা গৰীৱ জনসাধাৰণক কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে কৰা জনধন আঁচনিৰ প্ৰতিটো একাউণ্টত নগদ পাচশ টকা দিয়াৰ লগতে কৃষকৰ দুই হেজাৰ, তিনিমাহৰ তিনিটা উজলা যোজনাৰ ধন, তিনিমাহৰ বৃদ্ধ পেঞ্চনৰ ধন বিছাৰি আজিৰে পৰা চাৰিদিন ধৰি চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া, বাহাৰঘাট শাখাত অগণন পুৰুষ মহিলাই নীতি-নিয়ম উলংঘা কৰি ভীৰ কৰা দেখা গৈছে ৷
আনকি আৰক্ষী প্ৰশাসনকো বৃদ্ধ আঙুলি দেখুৱাই নিজৰ প্ৰাপ্যৰ সন্ধানত উদবাউল হৈ পৰিছে একাংশ লোক৷ আনহাতে, একে জনসমাগম গেছ চাৰ্ভিছটো, ইয়াটো পুৱাৰে পৰা নিজৰ বিনামূলীয়া গেছ চিলিণ্ডাৰটোৰ বাবে গাতে গা লগাই পুৰুষ-মহিলাৰ দীঘলীয়া শাৰী ৷ ইয়াকে দেখি একাংশ ৰাইজে ইয়াৰ বাবে চৰকাৰকে জগৰীয়া কৰিছে ৷
কিয়নো এটি গেছ চাৰ্ভিছৰ সূত্ৰত প্ৰকাশ হৈছে যে হিতাধিকাৰীয়ে নিজৰ একাউণ্টত বিনামূলীয়া গেছ চিলিণ্ডাৰটোৰ বাবদ চৰকাৰৰ নিৰ্ধাৰিত নগদ ৮০১/- টকা সোমাইছে নে নাই তাক পৰীক্ষা কৰি গেছ চাৰ্ভছে দিয়া এটি বিশেষ ফোন নম্বৰত নিজৰ চিলিণ্ডাৰটো বুক কৰিব লাগিব৷ তাকো এপ্ৰিল মাহৰ ২০ তাৰিখৰ ভিতৰত কৰিব লাগিব৷ নহ’লে চিলিণ্ডাৰ পোৱাৰ পৰা বঞ্চিত হব পাৰে ৷ ইয়াৰোপৰি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰসমূহটো একে ধৰনে হেতাওপৰা৷ মাত্ৰ ছমাৰকুছিত থকা এছবিআই কমাৰকুছি শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ বেংক মিত্ৰ চাইফুদ্দিন আলীয়ে গ্ৰাহকক শৃংখলাবদ্ধভাৱে সেৱা আগবঢ়োৱা দেখা গৈছে ৷













