ASSAM TIMES POST
কলিয়াবৰঃ দেশত মহামাৰী ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দিয়া লকডাউনৰ ফলত সৰ্বসাধাৰণ ৰাইজ বিশেষকৈ শ্ৰমিক, কৃষক আৰু দিন হাজিৰা কৰি জীৱন-নিৰ্বাহ কৰা লোকসকলে পৰিয়াল পোহ পাল দিয়াত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। এনে সময়ত সকলো লোকে যাতে দুবেলা দুমুঠি খায় জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তয়ে আজি ৰেচন কাৰ্ড নথকা আৰু নগদ এহেজাৰ টকা ধন সাহায্য হিচাবে লাভ নকৰা দৰিদ্ৰ পৰিয়ালসকলৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়ায় ।
সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে এনে ধৰণে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি আজি আমগুৰি পঞ্চায়তত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এইদৰে কয় জলসম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই। হিতাধিকাৰীসকলৰ ব্যক্তিগতভাৱে খবৰো লয় মন্ত্ৰীগৰাকীয়ে । ইপিনে লকডাউন সম্পৰ্কট সাংবাদিকে সোধা এক প্ৰশ্নত অহা ১২ মাৰ্চ তাৰিখে হ’ব লগা সৰ্বদলয়ী সভাত লক ডাউন বৃদ্ধি কৰা হ’ব নে নহয় এই বিষয়ে সিদ্ধান্ত লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।













