ASSAM TIMES POST
নগাঁও : “কৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে অসমৰ কৃষি ক্ষেত্ৰত ক্ষতি হৈছে। যাৰ বাবে কৃষক সকল সমস্যাৰ সন্মুখীন হৈছে । কিন্তু মূল কথাটো হ’ল আমি সকলোৱে লকডাউনৰ নীতি অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।” এই মন্তব্য অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ ।

আজি নগাঁৱত উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্য্যালয় সভাকক্ষত অনুষ্ঠিত এক বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাই লকডাউনে কৃষি ক্ষেত্ৰত সৃষ্টি কৰা সমস্যাৰ বিষয়ে পৰ্যালোচনা কৰে।পৰ্যালোচনাৰ অন্তত মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে হঠাৎ দেশত এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ মাজতে কৃষক সকল যাতে অসুবিধাৰ সন্মূখীন নহয়, তাৰ বাবে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহন কৰিবলৈ কোৱা হৈছে।
সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় : বানপানীয়ে প্ৰতি বছৰে কৃষক সকলৰ শস্য নষ্ট কৰি আহিছে। সেই বাবে কৃষক সকলে বৰো আৰু ইৰি খেতি কৰিছে। কিন্তু লকডাউনৰ বাবে কৃষকে খেতি পথাৰৰ বাবে প্ৰয়োজনীয় পানী, সাৰকে ধৰি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰৰ বাবে এই খেতিক লৈ সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যা সমূহ দূৰ কৰিবৰ কাৰণে ৰাজ্যিক পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে । এই সমিতিয়ে কৃষকৰ লগত আলোচনা কৰি এই ক্ষেত্ৰত সকলো ব্যৱস্থা জিলা প্ৰসাশনে গ্ৰহন কৰিব।
আনহাতে কেন্দ্ৰীয় চৰকাৰে কৃষকক খেতি কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে আমি সকলোৱে লকডাউনৰ নীতি মানি নিজৰ নিজৰ কাম কৰিব লাগিব। শাক -পাচলিৰ যোগান সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে সৰ্বসাধাৰণ ৰাইজে যাতে শাক পাচলি লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহন কৰা হৈছে।
কিন্তু বজাৰ মেলি দিলে লকডাউন উলংঘা কৰা হ’ব। গাঁও অঞ্চলৰ ৰাইজে শাক পাচলি নোপোৱাৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা হ’ব । পশুপালন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় : পশু ধনৰ খাদ্য সামগ্ৰী যোগান নিশ্চিত কৰিবলৈ কোৱা হৈছে । একেদৰে শাক পাচলি সৰবৰাহৰ বাবে আন্ত:ৰাজ্যিক প্ৰতিবন্ধকতা দূৰ কৰা হৈছে । আজিৰ পৰ্যালোচনা সভাত জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আৰু জিলা কৃষি বিষয়া অশোক বৰঠাকুৰ আদিয়ে অংশ গ্ৰহণ কৰে ।
ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে ডাকৰঘাট অঞ্চলৰ যুৱ কৃষক পলাশ প্ৰকাশ শইকীয়াৰ ৰঙালাও, তৰমুজ, আলু খেতি পৰিদৰ্শন কৰে।ইপিনে জিলা কৃষি বিষয়াৰ পৰা জানিব পৰামতে জিলাখনত আজি পৰ্যন্ত ১২ হাজাৰ মেট্ৰিকটন শাক-পাচলি ঘৰে ঘৰে গৈ কৃষকে বিক্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছে।অন্য হাতেদি কৃষি মন্ত্ৰী অতুল বৰাৰ সংগদান কৰা নগাঁও সদৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আজি জিলাখনৰ ডাকৰঘাট অঞ্চলৰ কৃষক সকলৰ উৎপাদিত সামগ্ৰী যাতে বিক্ৰী কৰিব পাৰে তাৰ বাবে নিৰ্বাচিত কৃষকক প্ৰশাসনৰ অনুমতি পত্ৰ উলিয়াই দিয়া হব বুলিও প্ৰতিশ্ৰুতি দিয়ে।













