ASSAM TIMES POST
গুৱাহাটী :লকডাউন সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাত জড়িত অনুমতি পত্ৰ থকা বাহন সমূহৰ চলাচলত গুৱাহাটী মহাগৰীত লোৱা হৈছে বিশেষ ব্যৱস্থা।সেই অনুসৰি বিভাগীয় অনুমতি পত্ৰ থাকিলেও যিসমূহ বাহনৰ পঞ্জীয়ন নম্বৰটো শেষ সংখ্যাতো যুগ্ম হব তেনে বাহন কালিলৈ দিনটোত চলাচল কৰিব পাৰিব মহানগৰীত।
একেদৰে শনিবাৰে অযুগ্ম আৰু দেওবাৰে যুগ্ম সংখ্যাৰে শেষ হোৱা পঞ্জীয়ন নম্বৰৰ বাহন সমূহক চলাচলৰ অনুমতি দিয়া হৈছে।এই কথা ঘোষণা কৰিছে মহানগৰ আৰক্ষীয়ে।গুৰুত্বপূৰ্ণ কথা এই যে এই নিয়মৰ পৰা এম্বুলেন্স, চিকিৎসক-স্বাস্থ্যকর্মী, সংবাদ মাধ্যম,কৰ্তব্যৰত চৰকাৰী-বিষয়া কৰ্মচাৰী,পানী কঢ়িওৱা বাহন আৰু ফুল বডী মালবাহী ট্ৰাক সমূহক ৰেহাই দিয়া হৈছে।
উল্লেখ যে মহানগৰীত আজি দিনটোত দেখা দিয়া তীব্ৰ যান-জট সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।













