ASSAM TIMES POST
ডিফু: ক’ভিড19 ৰ সংহাৰৰ বাবে দেশজুৰি লকডাউনৰ সময়ত আৰ্তজনৰ সহায়ৰ বাবে বিভিন্ন ব্যক্তি বিশেষৰ লগতে প্ৰথম শ্ৰেণীৰ বিষয়াকে আৰম্ভ কৰি অনুষ্ঠান – প্ৰতিষ্ঠানেও সহায়ৰ হাত আগবঢ়াইছে ৷

এই মৰ্মে অসম চৰকাৰৰ বিত্ত, গড়কাপ্তানি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন প্ৰথম শ্ৰেণী তথা উচ্চ পৰ্যায়ৰ বিষয়া সকলক কম পক্ষেও ১০ জন লোকক খাদ্য সামগ্ৰী যোগানেৰে সহায় আগবঢ়োৱাৰ আহ্বানৰ প্ৰতি সম্মান জনাই গড়কাপ্তানি বিভাগ ( বিশ্ব বেংক)ৰ মুখ্য অভিযন্তা পৱন তেৰাঙ আৰু তেওঁৰ সহধৰ্মিনীয়ে তেওঁলোকৰ গৃহ চহৰ ডিফুৰ তাৰালাংচ’ৰ ৩৫ টা দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি সমাজত মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ৷













