ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা ভাইৰাছ সন্দৰ্ভত অসমৰ কাৰণে আজি এটা গুৰুত্বপূৰ্ণ দিন। কিয়নো ঘৰ অথবা বিভিন্ন চৰকাৰী কোৱাৰেনটাইন কেন্দ্ৰত থকা ভ্ৰমণ ইতিহাস থকা ৭০ হাজাৰতকৈও অধিক লোকক আজি মুকলি কৰি দিয়া হ’ব।
স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ব্যক্তিসকল যিসকল ২৮ মাৰ্চত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল তেওঁলোকে শুকুৰবাৰে ১৪ দিনৰ কোৱাৰেনটাইন সম্পূৰ্ণ কৰিলে। আমাৰ ডঃ আৰু নাৰ্চসকলে তেওঁলোকৰ অত্যাৱশ্যকীয় পৰীক্ষা আৰু স্ক্ৰীনিং আদি আৰম্ভ কৰিছে আৰু যদি তেওঁলোকৰ দেহত কভিড-১৯ ৰ কোনো লক্ষণ দেখা নিদিয়ে তেতিয়া তেওঁলোক ঘৰলৈ যাব পাৰিব।
উল্লেখযোগ্য যে অসমত বৰ্তমানলৈকে ২৯জন কভিড-১৯ ত আক্ৰান্ত ৰোগী পোৱা গৈছে। ইয়াৰে ভিতৰত ২৮জন নিজামুদ্দিনৰ লগত সম্পৰ্কীয়।













