ASSAM TIMES POST
গুৱাহাটী : গুৱাহাটীৰ মহানগৰীত আজিৰে পৰা যান-বাহন চলাচলৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে নতুন নিয়ম।লকডাউন সময়ছোৱাত বিভাগীয় অনুমতি পত্ৰ থকা বাহনৰ চলাচল হ্ৰাস কৰাৰ বাবে যুগ্ম-অযুগ্ম পঞ্জিয়ন নম্বৰৰ ভিত্তিত চলাচলৰ নির্দেশ দিয়া হৈছে।ইফালে নতুন নিয়ম প্ৰযোজ্য হোৱাৰ পিছতে অধিক তৎপৰ হৈছে হৈছে গুৱাহাটী আৰক্ষী।
নিয়ম ভয়ংকাৰী বাহনক নাকী লগাবলৈ আজি মহানগৰী বহুকেইটা স্থানত চলোৱা হৈছে আৰক্ষীৰ তালাচী।মহানগৰীৰ এবিচি, উলুবাৰী, পানবজাৰ ভৰলুমুখৰ লগতে ভালে সংখ্যক স্থানত চলোৱা হৈছে তালাচী।পুৱাৰে পৰা চলোৱা তালাচীত জব্দ কৰা হৈছে বহু বাহন।বাহনৰ উপৰিও আইন উলংঘা কৰা প্ৰতিগৰাকী চালকক আৰক্ষীয়ে কৰিছে আটক।
উল্লেখযে জৰুৰীকালীন বাহন সমূহৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য হোৱা নাই।তাৰ মাজতে কিন্তু একাংশ লোকে বিভিন্ন অজুহাত দেখাই ৰাজপথলৈ ওলাই বাহন লৈ ওলাই আহিছে। কোনোৱে অত্যাৱশকীয় সামগ্ৰ বুলি বাহনত লিখি আনিছে।
কোনো জনে আকৌ দৰৱ ক্ৰয় কৰিবলৈ অহা বুলি আৰক্ষীৰ সন্মুখত দেখাইছে অজুহাত।তাপয্য পূৰ্ণ কথা এই যে অত্যাৱশ্যকীয় লিখাত নাই অনুজ্ঞাপত্ৰ একেদৰে ঔষধ ক্ৰয় কৰিবলৈ যোৱাত নাই চিকিৎসকৰ স্প্ৰেস্পিচন। ফলত এই সমূহ ব্যক্তিৰ বাবে বিপাঙত পৰিছে আৰক্ষীৰো।













