ASSAM TIMES POST
নিউজ ডেস্ক
মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা হোৱা ২১দিনীয়া লকডাউন শেষ হ’বলৈ মাজত আৰু পাঁচটা দিন বাকী।পুনৰ লকডাউন বৃদ্ধি কৰা হব নে নহয় সেই সন্দৰ্ভত দেশৰ সকলো ৰাজ্য মুখ্যমন্ত্ৰীৰে কালিলৈ(শনিবাৰে) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাগ লব এক গুৰুত্বপূৰ্ণ বৈঠক।ভিডিঅ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে সকলো ৰাজ্য মুখ্যমন্ত্ৰী সকলৰ পৰা লকডাউন বৃদ্ধি সন্দৰ্ভত লব মতামত।নিজ নিজ ৰাজ্যেৰ শেহতীয়া পৰিস্থিতি কথাও মুখ্যমন্ত্ৰী সকলৰ পৰা বুজ ল’ব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
উল্লেখ যে প্ৰকাশ পোৱা খবৰ অনুসৰি উক্ত বৈঠকতে সকলো ৰাজ্য মুখ্যমন্ত্ৰীৰে মতামত গ্ৰহণ কৰি লকডাউনৰ ম্যাদ বৃদ্ধি হব নে নহয় সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত।গুৰুত্বপূৰ্ণ কথা এই যে দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে লকডাউন আৰু ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ সন্দৰ্ভত সংসদৰ বিৰোধীৰ দলসমূহৰ নেতৃত্বৰে এক সৰ্বদলীয় বৈঠকত মিলিত হৈছিল।
তাপৰ্য পূৰ্ণ কথা এই যে যোৱা ২৪মার্চ লকডাউন ঘোষনা পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে মিলিত হৈছিল সকলো ৰাজ্য মুখ্যমন্ত্ৰী সকলৰ বৈঠকত।তাৰ পিছতে ঘোষণা হৈছিল ২১দিনীয়া লক ডাউন। ইফালে লকডাউন বৃদ্ধি বাবে দেশৰ বহুকেইখন ৰাজ্যই কেন্দ্ৰলৈ আহ্বান জনাইছে।তাৰ মাজতে দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উৰিষ্যাই ৩০এপ্ৰিললৈ নিজাকৈ বৃদ্ধি কৰিলে লকডাউন ম্যাদ।










