ASSAM TIMES POST
গুৱাহাটীঃ লকডাউনৰ বাবে ৰাজ্য বাহিৰত আৱদ্ধ হৈ থকা কেঞ্চাৰ, বৃক্ক সংৰূণ আৰু হাৰ্ট চাৰ্জাৰী বাবে যোৱা ৰোগীসকলক সহায় কৰিব ৰাজ্য চৰকাৰে। এই কথা ঘোষণা কৰিছে ৰাজ্য স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটীত এক সংবাদমেলত মন্ত্ৰী শৰ্মাই ৰাজ্য বাহিৰত আৱদ্ধ হৈ থকা উক্ত তিনিটা ৰোগৰ ৰোগীসকলৰ বাবে মুকলি কৰিছে বিশেষ নম্বৰ। সেই অনুসৰি ০৩৬১২৫৫৮৯৫৫ নম্বৰত আৱদ্ধ হৈ থকা ৰোগী তথা লগত যোৱা পৰিয়ালৰ লোকে সম্পূৰ্ণ তথ্য অৱগত কৰিব লাগিব চৰকাৰক। তাৰ পিছতে ৰোগী তথা আত্মীয়ই ৬৯০১২৮১৮৬২ নম্বৰত হোৱাটছ এ’প জড়িয়তে প্ৰেৰণ কৰিব লাগিব বেংক একাউণ্টৰ সবিশেষ ।
এই কথা অৱগত কৰে মন্ত্ৰী শৰ্মাই। লগতে কিমান টকা সাহায্য আগবঢ়াব সেই কথা আজি অৱগত কৰা নাই মন্ত্ৰীগৰাকীয়ে।তাপৰ্যপূৰ্ণ কথা এই যে মুম্বাই অসম ভ্ৰমণত বৰ্তমান সময়ত ১৫০গৰাকী কেঞ্চাৰ ৰোগী আবদ্ধ হৈ থকা বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।













