ASSAM TIMES POST
নিউজ ডেস্ক:
বিশ্বজুৰি novel corona virusত মৃত্যুৰ সংখ্যাই শুকুৰবাৰে ১ লাখ অতিক্ৰম কৰিলে। আনহাতে, আক্ৰান্তৰ সংখ্যাও ১৬ লাখত উপনীত হৈছে। ইয়াৰে ভিতৰত প্ৰায় ৩ লাখ সুস্থ হৈ উঠিছে। বিগত ৮ দিনত মৃত্যুৰ সংখ্যা হৈছে দুগুণ। ইয়াৰ এক অন্যতম কাৰণ আমেৰিকা, ফ্ৰান্স, ইটালী, স্পেইন, ব্ৰিটেইন আদিৰ দৰে বহু কেইখন দেশ।
আমেৰিকাত শেহতীয়া ৪ দিনত মৃত্যু হৈছে প্ৰায় ৮ হাজাৰ মানুহৰ। ফ্ৰান্স আৰু ব্ৰিটেইনত বিগত কেইবা দিন ধৰি গড়ে প্ৰায় হাজাৰজন লোকে ক’ৰোণাত প্রাণ হেৰুৱাইছে। ইটালী আৰু স্পেইনত অতিমাৰীৰ প্ৰকোপ বিগত সপ্তাহত কিছু কমিলেও দৈনিক ৫০০-৬০০ লোকৰ এতিয়াও মৃত্যু হৈ আছে।
Johns Hopkins ইউনিভাৰ্চিটিৰ corona tracker-এ জনোৱা মতে, এই মুহূৰ্তত সমগ্ৰ বিশ্বত ক’ৰোণাত মৃত্যুৰ সংখ্যা হ’ল ১ লাখ ১ হাজাৰ ৭৬২। আক্ৰান্ত বৃদ্ধি পাই হৈছে ১৬ লাখ ৮০ হাজাৰ ৪৮৯। সম্পূৰ্ণভাৱে সুস্থ হৈ উঠিছে ৩ লাখ ৭৩ হাজাৰ ৫৩৮জন।
আনহাতে, বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক ইটালীত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে ১৮ হাজাৰ ৮৪৯। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৭০জনৰ। এদিনত ৩,৯৫১জন আক্ৰান্তৰে সংখ্যা বৃদ্ধি পাই হৈছে ১ লাখ ৪৭ হাজাৰ ৫৭৭।
অৱশ্যে আমেৰিকাত মুঠ ১৮ হাজাৰ ০৩৪জনৰ মৃত্যু হ’লেও আক্ৰান্তৰ সংখ্যা কেইবা গুণো বেছি। শুকুৰবাৰে নিশা পর্যন্ত আমেৰিকাত corona positive ৪ লাখ ৮৯ হাজাৰ ৬৪৬। স্পেইনত মৃতকৰ সংখ্যা বৃদ্ধি পাই হৈছে ১৫ হাজাৰ ৯৭০। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫২৩জনৰ। আনহাতে, ব্ৰিটেইনত বিগত ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যাত আৰু ৯৮০জন যোগ হৈছে।












