ASSAM TIMES POST
ডিফু : অসমীয়া শিখ সন্থা অসমে লকডাউনৰ মাজত অসমৰ বিভিন্ন ঠাইৰ আৰ্তজনৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰে মানৱীয় সাহায্য আগবঢ়ায় ৷ প্ৰাপ্ত খবৰ অনুসৰি অসমীয়া শিখ সন্থাৰ উদ্যোগত আৰু ডিৱাই ৩৬৫ ৰ সহযোগত খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰা হয় ৷
ক’ভিড 19 ৰ প্ৰাদূৰ্ভাৱৰ বাবে চৰকাৰে আহ্বান জনোৱা ২১ দিনীয়া লকডাউনত গৃহবন্দী হৈ পৰা লোক সকলৰ দূৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ সাহায্য প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি অসমীয়া শিখ সন্থা অসমীয়াৰ সভাপতি ৰাজবীৰ সিঙৰ নেতৃত্বত এক সাহায্যকাৰী দলে হোজাই জিলাৰ লংকা আৰু নগাওঁ জিলাৰ বৰকলা, চাপৰমুখ আৰু হাতীপাৰাত প্ৰায় ৩০০ পৰিয়ালৰ মাজত ক্ৰমে, ৫ কেজিকৈ চাউল, ১কেজিকৈ ডাইল, ১ কেজিকৈ আলু আৰু ১ কেজিকৈ নিমখ বিতৰণ কৰা হয় ৷
সাহায্যকাৰী দলটোত অসমীয়া শিখ সন্থা অসমৰ সভাপতি ৰাজবীৰ, সিঙ, সম্পাদক গোবিন সিঙ, কৰ্মকৰ্তা দৰবাৰ সিঙ, বৰকলা সিঙ সমাজৰ সভাপতি ছতৰ সিঙ, লগতে হাজাৰ সিঙ, বল’ সিঙ , দলজিৎ সিঙ আৰু ৰঞ্জু সিঙ অংশ গ্ৰহণ কৰে













