ASSAM TIMES POST
নলবাৰীঃ নলবাৰীৰ তৃষ্ণা ইণ্ডেন গ্ৰামীণ বিতৰণ কেন্দ্ৰ, (দেহাৰকুছি) গেছ এজেঞ্চী নামৰ এই এজেঞ্চীত এতিয়া দেখিবলৈ গৈছে জনস্ৰোত । লকডাউন অমান্য কৰি এনেদৰে গোট খাইছে জনসাধাৰণ । চৰকাৰ প্ৰশাসনৰ বিনম্ৰ অনুৰোধো অমান্য কৰিছে এইসকল জনতাই। যিটো সময়ত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা লাখৰো অধিক অতিক্ৰম কৰিলে তেনেক্ষেত্ৰত কিয় অকমানো সতৰ্ক হোৱা নাই জনসাধাৰণ। প্ৰশ্ন হয় কেতিয়া সজাগ হ’ব জনতা।













