ASSAM TIMES POST
গোলাঘাট : লকডাউনৰ সময়চোৱাত গোলাঘাটৰ ৰাইজলৈ আশ্বাস দি আজি খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ঘোষণা কৰে গোলাঘাটত এমাহৰ খাদ্য সামগ্ৰী মজুত থকাৰ কথা। গোলাঘাটৰ আৱৰ্তভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই ঘোষণা কৰে মন্ত্ৰী জনে। ইয়াৰোপৰি জিলা প্ৰশাসনৰ অনুমোদিত গেলামালৰ দোকানত উপলব্ধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত কোনো বিক্ৰেতাই ল’ব নোৱাৰিব অধিক মূল্য । জিলা উপায়ুক্তই নিৰ্ধাৰণ কৰা মূল্যহে ল’ব পাৰিব সকলো বিক্ৰেতাই।
এইক্ষেত্ৰত বিশেষ দৃষ্টি নিক্ষেপ কৰিব প্ৰশাসনে। ইতিমধ্যে অধিক মূল্য লোৱা অপৰাধত চহৰখনত মুঠ চাৰিখনকৈ দোকান প্ৰশাসনে চীল কৰিছে। সাংবাদিকৰে হোৱা প্ৰশ্নৰ উত্তৰ দি গোলাঘাটৰ ব্যৱসায়ীসকলে যোৰহাটৰ পৰা অহা খাদ্য সামগ্ৰী ক্ৰয় কৰোতে অধিক দাম লৈ অহাৰ কথা খণ্ডন কৰি মন্ত্ৰীজনে কয় যে, এইক্ষেত্ৰত দুয়োখন জিলাৰ উপায়ুক্তই ইতিমধ্যে আলোচনা কৰিছে বুলি উল্লেখ কৰে।
লগতে দামৰ তাৰতম্যৰ উদাহৰণ দি মন্ত্ৰীজনে কয় যে, দিল্লীত বৰ্তমান মচুৰ দালিৰ দাম ৬৮ টকা। তেনেস্থলত অসমলৈ আনোতে হোৱা ব্যয়কে ধৰি মূল্যৰ কিছু পাৰ্থক্য হোৱাটো স্বাভাৱিক কথা। যদিও গোলাঘাটবাসীয়ে আগন্তুক এমাহৰ বাবে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত কোনো অসুবিধা সন্মুখীন নহয়। আজি এই সংবাদমেলত মন্ত্ৰীজনক লগ দিয়ে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।













