ASSAM TIMES POST
নিউজ ডেস্ক
বিশ্বত্ৰাস মহামাৰী ক’ৰ’ণা ভাইৰাছ সংক্ৰমনৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা।
চৰকাৰৰ তৎপৰতাৰ প্ৰতি সহায় আগবঢ়াইছে দল-মত নিৰ্বিশেষে সমগ্ৰ ৰাজ্যবাসীয়ে।ৰাজনৈতিক ভেদা-ভেদ পৰিহাৰ কৰি হাত-হাত ধৰি ক’ৰ’ণা বিৰুদ্ধে থিয় হৈছে ৰাজনৈতিক- অৰাজনৈতিক সকলো দল সংগঠন।ইফালে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দেওবাৰে আহ্বান জনাইছে ৰাজ্য সকলো ৰাজনৈতিক দল সংগঠনেৰে সৰ্বদলীয় সভা।
সৰ্বদলীয় সভা আহ্বান জনোৱাৰ পিছতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে ৰাজ্য বিৰোধীৰ ৰাজনৈতিক দল সমূহে।গুৰুত্বপূৰ্ণ কথা এই যে দুদিন পূৰ্বে ৰাজ্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সোনোৱাল চৰকাৰলৈ আহ্বান জনাইছিল সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা বাবে।













