ASSAM TIMES POST
নগাঁও : নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পোটনী সোনাৰীগাঁৱত আজি পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্য সৃষ্টি হয় । মৃত যুৱকজনৰ নাম দিগন্ত হাজৰিকা বুলি জানিব পৰা গৈছে । আজি পুৱা ঘৰৰ কাষৰে এঘৰ মানুহৰ পদুলি মুখত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় ।
জানিব পৰা মতে, যুৱকজন যোৱা নিশা লগৰ চাৰিজন যুৱকৰ সৈতে খানা খাবলৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু নিশা যুৱকজন ঘৰলৈ ঘূৰি অহা নাছিল । আজি পুৱা যুৱকজনৰ মৃতদেহ পৰি থকা অৱস্হাত উদ্ধাৰ হোৱাত গাঁওখনত হাহাকাৰ লাগে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্হা কৰে । আনহাতে মৃত যুৱকজনৰ শৰীৰত গছত চোঁচৰাৰ দাগ দেখি আৰক্ষীয়ে যুৱকজনে নিশা চুবুৰীয়াৰ বাৰীত নাৰিকল পাৰিবলৈ উঠি দুৰ্ঘটনাবশতঃ গছৰ পৰা পৰি যোৱা বুলি সন্দেহ কৰিছে ।
ইপিনে একাংশলোকে যুৱকজনৰ লগত নিশা একেলগে খানা খাবলৈ যোৱা সমনীয়া কেইজনৰ প্ৰতি সন্দেহৰ আঙুলি টোৱাইছে । আৰক্ষীয়ে যুৱকজনৰ লগত নিশা খানা খাবলৈ যোৱা চাৰিজন যুৱকক সোধাপোচাৰ বাবে আজি থানালৈ আনে যদিও সন্দেহজনক একো তথ্য লাভ কৰা নাই বুলি জানিব পৰা গৈছে ।













