ASSAM TIMES POST
নগাঁও : সমগ্র দেশ জুৰি চলি থকা লকডাউনে আজি ১৮ দিনত ভৰি দিলে। লকডাউনৰ ফলত কৰ্ম বিমুখ হৈ পৰা দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা লোকৰ দৈনন্দিন জীৱন-যাপন কষ্ট সাধ্য হৈ পৰিছে। দুৰ্যোগৰ সময়ত এইসকল লোকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰৰ লগতে কে’তবোৰ স্বেচ্ছাসেৱী সংগঠন, ব্যৱসায়ী, সমাজহিতৈষী ব্যক্তি, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে।
নগাঁও চহৰৰ শিৱনগৰ অঞ্চলৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী, অভিযন্তা আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষা আৰু স্বাস্থ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ আহবানৰ প্ৰতি সঁহাৰি জনাই আজি শিৱনগৰ অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল শতাধিক পৰিয়ালক আটা, চেনি, আলু, পিয়াঁজ, চাবোন, চাহপাত, গাখীৰৰ পেকেটকে আদি কৰি ১৩বিধ সামগ্ৰী থকা একোটাকৈ টোপোলা বিতৰণ কৰে। নগাঁও শ্মশানঘাট শিৱ মন্দিৰ চৌহদত থকা নটৰাজ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত সামাজিক দূৰত্ব বজাই এইসকল চৰকাৰী শিক্ষক-কৰ্মচাৰী-অভিযন্তাই খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে।
ৰঙালী বিহুৰ দিন কেইটাত আৰ্থিকভাৱে দুৰ্বল এই শতাধিক পৰিয়ালক এই খাদ্য সামগ্ৰীয়ে কিছু পৰিমাণে সকাহ দিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে। খাদ্য সামগ্ৰী বিতৰণত আগভাগ লোৱা শিক্ষক-কৰ্মচাৰীসকলৰ মাজত ভালেকেইগৰাকী মহিলা কৰ্মচাৰীও আছিল।













