ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হাতখন বাৰে বাৰে ধুই পৰিষ্কাৰ কৰি থকাটো এতিয়া বিভিন্নজনৰ অভ্যাসত পৰিণত হৈছে৷ কিন্তু জেপত থকা টকা কেইটা, ম’বাইল ফোনটো পানীৰে ধুই পৰিষ্কাৰ কৰা সম্ভৱ৷ জেপৰ টকা, ম’বাইল ফোন আদি জীৱাণু মুক্ত কৰাৰ উপায় দিছে ৰোপৰৰ আই আই টিয়ে৷
এই আই আই টিখনৰ এদল গৱেষকে এটা যন্ত্ৰ আবিষ্কাৰ কৰিছে, যিটোৰে টকা, টকা ৰখা বেগ, ম’বাইল ফোন আদি জীৱাণু মুক্ত কৰিব পাৰি৷
এটা ট্ৰাংকৰ দৰে যন্ত্ৰটো খুবেই কাৰ্যকাৰক বুলি জনাইছে যন্ত্ৰটো আবিষ্কাৰত জড়িত গৱেষকে৷ ৰোপৰ আই আই টিৰ ছিনিয়ৰ ছায়েণ্টিফিক অফিচৰ নৰেশ ৰাখাই কয়, এতিয়া বহুৱে গৰম পানীৰে শাক-পাচলি ধুৱে৷

কিন্তু এই পদ্ধতিত টকা, টকা ৰখা বেগ, ম’বাইল ফোন জীৱাণু মুক্ত কৰিব নোৱাৰি৷ কিন্তু আই আই টিখনে নিৰ্মাণ কৰা যন্ত্ৰটোৰে প্ৰায় সকলো বস্তুকে জীৱাণু মুক্ত কৰিব পাৰি৷ এই যন্ত্ৰৰে জীৱাণু মুক্ত কৰি ৰাখিবৰ বাবে ‘অতি বেঙুনীয়া ৰশ্মি বিচ্ছুৰণ প্ৰযুক্তি’ ব্যৱহাৰ কৰা হৈছে৷ এই ট্ৰাংকৰ দৰে যন্ত্ৰটো ঘৰৰ জপনাৰ ওচৰত ৰখা হ’ব৷ ঘৰত সোমোৱাৰ আগতে সামগ্ৰীবোৰ এই যন্ত্ৰত জীৱাণু মুক্ত কৰি ল’ব পাৰিব৷
এই যন্ত্ৰত শাক-পাচলি, গাখীৰৰ পেকেট, ঘৰত দিয়া বিভিন্ন সামগ্ৰী জীৱাণু মুক্ত কৰিব পাৰি৷ গৱেষকসকলে জনোৱা মতে কোনো বস্তু ৩০ মিনিট যন্ত্ৰটোত ৰখাৰ পাছত ১০ মিনিট ঠাণ্ডা হ’বলৈ দিলেই হয়৷ অতি কম খৰচতে জীৱাণু কৰিব পৰা এই যন্ত্ৰটোৰ দাম মাত্ৰ ৫০০ টকা৷













