ASSAM TIMES POST
নিউজ ডেস্ক
সমগ্ৰ বিশ্বত চলিছে ক’ৰ’ণাৰ তাণ্ডৱ৷ এনে সময়তে এটা ফোন উলিয়াইছে চীনে৷ অহা সপ্তাহত চীনে মুকলি কৰিব অ’প্প’ৰ নতুন মডেল Oppo Ace 2৷ ৫জি কানেক্টিভিটি আছে এই ফোনত৷ কিন্তু মুকলিৰ দিনাৰ আগেয়ে চীনৰ মাইক্ৰ’ ব্লগিং ৱেবছাইটত এই ফোনৰ টিজাৰ ৰাখিছে৷ ইয়াৰ পৰা জানিব পৰা গৈছে এই ফোনৰ কেতবোৰ স্পেছিফিকেছন৷
১৷ এই ফোনৰ ভিতৰত আছে Snapdragon 865 ছিপছেট৷
২৷ ফোনত Android 10 অ’পাৰেটিং ছিষ্টেম ব্যৱহাৰ কৰা হৈছে৷
৩৷ এই ফোনত দুটা ভেৰিয়েণ্ট পোৱা যাব৷ ৮ জিবি RAM সহ ১২৮ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ আৰু ১২ জিবি RAMসহ ২৫৬ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ৷
৪৷ ফোনটোৰ পাছত আছে চাৰিটা কেমেৰা৷ ৪৮ মেগাপিক্সেল প্ৰাইমেৰী ছেন্সৰ কেমেৰা + ৮ মেগাপিক্সেল কেমেৰা + ২ মেগাপিক্সেল কেমেৰা + ২ মেগাপিক্সেল কেমেৰা৷ তাৰ সমানে আছে ১৬ মেগাপিক্সেল ছেলফি কেমেৰা৷
৫৷ ৬.৫ ইঞ্চিৰ ডিছপ্লে আছে ফোনটোত৷
৬৷ ডিছপ্লেৰ ওপৰত আছে ফিংগাৰ প্ৰিণ্ট ছেন্সৰ৷
৭৷ ৪০০০ বেটেৰি আছে এই ফোনত৷ ইয়াৰ লগতে আছে 65W Super VOOC 2.0 ফাষ্ট চার্জিং ছাপ’ৰ্ট৷
৮৷ এই ফোনৰ ওজন ১৮৫ গ্রাম।










