ASSAM TIMES POST
নিউজ ডেস্ক
বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ৰ সংক্ৰমণৰক অতিমাৰী ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইতিমধ্যে কেইবা লক্ষ মানুহ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে লক্ষাধিক লোকৰ। এই পৰ্যন্ত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা। ভাৰততো ধীৰে ধীৰে বৃদ্ধি পাইছে সংক্ৰমণ তথা মৃত্যুৰ সংখ্যা।কেইবা দিনো ধৰি ক’ৰ’ণা ভাইৰাছ ৰ পৰীক্ষাৰ অন্তত বিজ্ঞানীসকল উপনীত হৈছে এক সিদ্ধান্তত। তেওঁলোকৰ মতে ক’ৰ’ণাৰ প্ৰকাৰ ভিন্ন।
এই প্ৰকাৰসমূহ একে হ’লেও প্ৰত্যেকৰে বৈশিষ্ট্য কিন্তু পৃথক।কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে জনোৱা মতে, বৰ্তমান চীনত ক’ৰ’ণা ভাইৰাছৰ যি প্ৰকাৰবিধ পুনৰাই বিয়পি পৰিছে সেয়া মূল ভাইৰাছ নহয়। অন্য এটা ৰূপহে। পৰীক্ষাৰ পৰা পোৱা গৈছে যে ভাইৰাছবিধে দ্ৰুতগতিত নিজকপৰিৱৰ্তন কৰি গৈছে। ইতিমধ্যে এই ভাইৰাছৰ পৰিৱৰ্তিত ৰূপে বহুকেইখন দেশক আক্ৰমণ কৰিছে।
ডঃ পিটাৰ ফষ্টাৰে জনোৱা মতে, তেওঁ আৰু তেওঁৰ দলে এই ভাইৰাছবিধৰ পৰীক্ষা আৰম্ভ কৰিছিল। কাৰণ যেনেদৰে আন্তৰ্জাতিক ক্ষেত্ৰত ই বিয়পি পৰিছিল তাৰ বাবে এই পৰীক্ষাৰ প্ৰয়োজন আছিল। জানিব পৰা মতে, চীনৰ য়ুহানত এই ভাইৰাছৰ Type B লক্ষ্য কৰা গৈছে। আনহাতে, আমেৰিকাত Type A ভাইৰাছ পোৱা গৈছে।










