ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা দেশজুৰি চলি আছে লকডাউন। কিন্তু এই লকডাউনৰ সময়ছোৱাতে পোহৰলৈ আহিছে আন এখন ভয়ংকৰ ছবি। এক অভিযোগ অনুসৰি লকডাউনৰ সময়ছোৱাত দেশত অভাৱনীয় হাৰত বাঢ়িছে শিশু নিৰ্যাতনৰ ঘটনা। সেয়ে এই ঘটনা ৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ল’ব লাগে বুলি মুখ্য ন্যায়াধীশলৈ পত্ৰযোগে আহ্বান জনাইছে অধিবক্তা সমাজে।
চামেৰ সোধী আৰু আৰ্জু আনেজা নামৰ অধিবক্তা দুজনে মুখ্য ন্যায়াধীশ এছ এ ব’বডেলৈ লিখা পত্ৰখনত উল্লেখ কৰা হৈছে যে লকডাউনৰ সময়ছোৱাত যদিও সামগ্ৰিকভাৱে অপৰাধৰ হাৰ হ্ৰাস পাইছে, কিন্তু শিশুসকলে সন্মুখীন হোৱা নিৰ্যাতন আৰু হিংসাৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। এইটো নিঃসন্দেহে উদ্বেগৰ বিষয়। লকডাউনৰ বাবে শিশুসকল ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগা হোৱা বাবেই এই ঘটনা বৃদ্ধি পোৱাৰ কাৰণ বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।
লগতে তেওঁলোকে উল্লেখ কৰিছে যে ইতিমধ্যেই এই ঘটনাৰ সংখ্যা বৃদ্ধি হৈছে আৰু যদি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ’লে শিশু নিৰ্যাতনৰ ঘটনা অধিক বৃদ্ধি পাব। সেয়ে ন্যায়ালয়ক শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ দিশত গুৰুত্ব দি এই সংক্ৰান্তত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হৈছে।উল্লেখযোগ্য যে পাত্ৰখনত উল্লেখ কৰা মতে, ২৪ মাৰ্চত লকডাউন ঘোষণা কৰাৰ পিছৰ পৰা শিশু নিৰ্যাতনৰ অভিযোগ সম্পৰ্কীয় ফোনকল ৫০ শতাংশ বৃদ্ধি পাইছে। সেয়ে অগ্ৰাধিকাৰ ভিত্তিত শিশু সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ তাৎক্ষণিকভাৱে গ্রহণ কৰাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হৈছে।











