ASSAM TIMES POST
নিউজ ডেস্ক
দেশত যোৱা ২৯ মাৰ্চত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৯৯৭জন আছিল ৷ কিন্তু ১২ এপ্ৰিলত ইয়াৰ পৰিমাণ ৮৩৫৬জন হয়গৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ৰ যুটীয়া সচিব লব আগৰৱালাই এই কথা জনাইছে ৷ সচিবজনে লগতে জনায় যে, এই আক্ৰান্ত লোকসকলৰ মাজত ২০ শতাংশক অক্সিজেনৰ প্ৰয়োজন হয়৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ৰ’ণাত ৩৪ জনৰ মৃত্যু হয় ৷ নতুনকৈ আক্ৰান্ত হৈছে ৯০৯ জন ৷
আনহাতে, যোৱা ২৪ ঘণ্টাত ৭৪ জন ৰোগী আৰোগ্য হৈছে৷ এই পৰ্যন্ত ৭১৬ জন ৰোগীক যাবলৈ দিয়া হৈছে৷ যুটীয়া সচিবজনে লগতে কয়, আমাৰ হাতত এই মুহূৰ্তত ১ লাখ ৫ হাজাৰ বিচনা আছে ৷ লগতে ৬০১খন ডেডিকেটেড ক’ভিড চিকিৎসালয় আছে ৷ এই সময়ত সামাজিক দূৰত্ব বৰ্তাই ৰখা অতি প্ৰয়োজন ৷ যোৱা ৫ দিনত ১৫৭৪৭ ক’ভিড ছেম্প’ল পৰীক্ষা কৰা হৈছে ৷ তাৰ মাজত ৫৮৪টা পজিটিভ পাইছে বুলি জনাইছে আই ছি এম আৰৰ বিষয়া ডাঃ মনোজ মুৰখেৰাই ৷ এই পৰ্যন্ত হাতত কোনো ভেক্সিন নাই বুলি যুটীয়া সচিবজনে উল্লেখ কৰি কয় ৪০টা ভেক্সিন প্ৰস্তুত কৰাৰ কাম চলিছে ৷













