ASSAM TIMES POST
নিউজ ডেস্ক:
কাইলৈ ১৪ এপ্ৰিল, অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। এই প্ৰথম দিনটোতেই পুৱা ১০ বজাত দেশবাসীক সম্বোধিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সম্বোধনত লকডাউনৰ ম্যাদ বৃদ্ধি আৰু আনুসংগিক কিছু ঘোষণা প্ৰধান মন্ত্ৰীয়ে কৰিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে লকডাউনৰ ম্যাদ যে আৰু ১৬ দিন বাঢ়িব সেইটো এতিয়া আৰু ৰহস্য হৈ থকা নাই। চাৰি ৰাজ্যৰ পিছত সমগ্ৰ দেশজুৰি ৩০ এপ্ৰিল পৰ্যন্ত লকডাউনৰ সময় সীমা বৃদ্ধি পাব বুলি সকলোৱে একপ্ৰকাৰ নিশ্চিত হৈছে।













