ASSAM TIMES POST
নিউজ ডেস্ক
সমগ্ৰ বিশ্বতে গুগলৰ দৰে জনপ্ৰিয় চাৰ্চ ইঞ্জিন আৰু নাই। এই সংস্থাৰ প্ৰধান বিষয়া অৰ্থাৎ CEO সুন্দৰ পিচাইয়ে ক’ৰোণা মোকাবিলাৰ কাৰণে ভাৰতক ৫ কোটি টকা অনুদান দিয়াৰ কথা ঘোষণা কৰিছে।
দুর্বল শ্ৰেণীৰ দিন হাজিৰা কৰা শ্ৰমিকসকলৰ পৰিয়ালৰ বাবে পৰ্যাপ্ত নগদ সাহায্য প্ৰদানৰ বাবে সুন্দৰ পিচাইক ধন্যবাদ সূচক টুইট কৰিছে গিভ ইণ্ডিয়াই। উল্লেখযোগ্য যে দেশজুৰি দুর্বল পৰিয়ালসমূহক সহায়ৰ বাবে ভাৰতে এই পৰ্যন্ত ১২ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে।










