ASSAM TIMES NEWS
নিউজ ডেস্ক :
কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি দেশত লকডাউনৰ ম্যাদ বৃদ্ধি কৰা হ’ল ৩মে’লৈ।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে এই কথা।পূৰ্বতে যোৱা ২৪মাৰ্চ পৰা আজি দিনটোলৈকে অৰ্থাৎ ২১দিনৰ বাবে ঘোষণা কৰা হৈছিল লকডাউন।কিন্তু শেহতীয়া ভাৱে দেশত আক্ৰান্ত সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাত লকডাউনৰ ম্যাদ বৃদ্ধি কৰা বুলি ৰাইজক উদ্দেশ্য কৰি কয়।
কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ৩মে’ লৈকে দেশৰ জনতাই লকডাউনৰ পালন কৰিব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় “ৰাজ্যসমূহৰ পৰামৰ্শ গ্ৰহণ কৰি লকডাউন বৃদ্ধি কৰা হৈছে।অহা ২০এপ্ৰিললৈকে দেশৰত অতি কঠোৰ হব লকডাউন।তাৰ পিছত ৰাজ্যসমূহৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি কিছু ক্ষেত্ৰত সম্ভৱ হলে সমান্য শিথিল কৰা হব লকডাউন।কিন্তু ২০এপ্ৰিললৈ কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব”।

ইফালে প্ৰধানমন্ত্ৰী এই ঘোষণাৰ পিছতে অসম আৰক্ষীৰ আইন শৃংখলা শাখা অতিৰিক্ত আৰক্ষী সঞ্চালক জি পি সিঙে ৰাজ্য আৰক্ষী-প্ৰশাসনক আহ্বান জনায় কয়- ”আৰক্ষী বন্ধুসকল আহক ২০এপ্ৰিললৈ আমি দয়াহীন হওঁ।”
গুৰুত্বপূৰ্ণ কথা এই যে জিপি সিঙৰ টুইটৰ পৰাই অনুমান কৰিব পাৰি লকডাউন ভংগকাৰী বিৰুদ্ধে পুনৰ কঠোৰ হ’ব অসম আৰক্ষী।













