ASSAM TIMES POST
নিউজ ডেস্ক:
আজিৰে পৰা দেশত প্ৰয়োগ হৈছে ২১ দিনীয়া দ্বিতীয় পৰ্য্যায়ৰ লকডাউন। এই লকডাউন কঠোৰভাৱে ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা। একেদৰে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানেও ৰাজ্যখনৰ বাবে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা।
এই নিৰ্দেশনা অনুযায়ী ব্যক্তিগত বাহন লৈ বাহিৰলৈ ওলোৱাটো সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে। জৰুৰী অৱস্থাত সীমিত পৰিমাণে “হায়াৰ টেক্সি” ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছে। লকডাউনৰ সময়ছোৱাত কোনো ব্যক্তিয়ে দুইচকীয়া বা চাৰিচকীয়া বাহন লৈ ওলালে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা।













