ASSAM TIMES POST
গুৱাহাটীঃ প্ৰধানমন্ত্ৰী আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা ২০ এপ্ৰিলৈকে অধিক কঠোৰ হ’ব অসম আৰক্ষীৰ। গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত নেতৃত্বত ২০ এপ্ৰিললৈ ৰাজ্যত লকডাউন সফল কৰাৰ বাবে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল।
বৈঠকত ৰাজ্য আৰক্ষী-প্ৰশাসনক আগন্তক এক সপ্তাহ অধিক কঠোৰ হোৱাৰ বাবে জাৰি কৰা হৈছে নির্দেশনা। একমাত্ৰ জৰুৰীকালীন সেৱা, খাদ্য-সামগ্ৰীৰ যোগান আৰু বিভাগৰ দ্বাৰা অনুজ্ঞা-পত্ৰ থকা বাহন চলাচল কৰিব পাৰিব বুলি উল্লেখ কৰে সঞ্চালক প্ৰধান মহন্তই।
তেওঁ লগতে ৰাইজক আহ্বান জনায় কয়, “কোনেও ব্যক্তিগত গাড়ী লৈ বাহিৰলৈ ওলাই নাহিব। অনাহকত ওলাই আহিলে বিপদত পৰিব”।
উল্লেখ যে, যিসকল ব্যক্তি বাহিৰলৈ ওলায় যাব তেওঁলোকৰ হয়তো আই-কাৰ্ড, পুলিচ আৰু অসম ৰাজ্যিক দুৰ্যোগ প্ৰসমন বিভাগৰ দ্বাৰা দিয়া অনুজ্ঞাপত্ৰ থকাটো জৰুৰী। অন্যথা কাকো দিয়া নহ’ব ৰেহাই-কঠোৰভাৱে উল্লেখ কৰে মহন্তই।
আনহাতে, ৰেহাই দিয়া সেৱাসমূহ চলি থাকিব। কিন্তু সেইসমূহত জড়িত সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব বুলি উল্লেখ কৰি মহন্তই কয়, “সামাজিক দূৰত্ব ভংগ কৰিলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব”।
ই বৈঠকতে গ্ৰহণ কৰা হয় আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই অনুসৰি জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজ্য প্ৰতিখন জিলাত মুকলি হ’ব হেল্পলাইন নম্বৰ। কোনো জ্যেষ্ঠ নাগৰিক যদি যিকোনো সমস্যাত পৰে তেন্তে সেই হেল্পলাইন নম্বৰত ফোন কৰিলে আৰক্ষীৰ ফালৰ পৰা কৰা হ’ব সহায়। মহন্তই জানিব দিয়ে।
ইফালে, ৰাজ্যিক পৰিবহন বিভাগক বিপদত পৰা ব্যক্তিসকলক সহায় কৰাৰ বাবে সীমিত সংখ্যক টেক্সি সেৱা মুকলি কৰাৰ বাবে আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে আহ্বান।













