ASSAM TIMES POST
নগাঁও: কৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে অবিভক্ত নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে অহৰহ যুঁজ দি অহা পৰিলক্ষিত হৈছে । যাৰ ফলশ্ৰুতিত জিলাখনত কৰোনা ভাইৰাছ সংক্ৰমণে বৰ্তমানলৈকে ব্যাপক ৰূপ ধাৰণ কৰিব পৰা নাই। অবিভক্ত নগাঁও জিলাত বৰ্তমানলৈ ৭০০০ ৰৰো অধিক লোকক গৃহ কোৱাৰেন্টাইন কৰা হৈছে ।
ইয়াৰ ভিতৰত প্ৰায় ৯০ শতাংশৰ হোম কুৱাৰেন্টাইনৰ ১৪ দিনৰ ম্যাদ সম্পূৰ্ণ হৈছে। অৱশ্যে স্বাস্থ্য বিভাগৰ নীতি অনুসৰি এই লোক সকলক আন ১৪ দিনৰ বাবে নিজ নিজ ঘৰত পৰ্যবেক্ষনত ৰখা হৈছে। এই সময়চোৱাৰ ভিতৰত চিকিৎসকৰ দলে মাজে মাজে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লব। জিলাখনত বৰ্তমানলৈকে ৮৭ জন লোকৰ লেলাৱতীৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল ।
এই আতাইকেইজনৰে কৰোনা ভাইৰাছ কভিড-১৯ নিগেটিভ পোৱা গৈছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে, অবিভক্ত জিলাখনৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয়, উজৰাগাঁও আদৰ্শ চিকিৎসালয়, কন্দলি আদৰ্শ চিকিৎসালয়, যোগীযান আদৰ্শ চিকিৎসালয়, লামডিং ৰেলৱে হস্পিতালত ৪৪ জন লোকক কোৱাৰেন্টাইনত ৰখা হৈছে। সূত্ৰটোৱে আৰু জনোৱা মতে, ইতিমধ্যে কৰোনা ভাইৰাছ নিগেটিভ পোৱা ৮৭ গৰাকী লোকৰ ভিতৰত ৩৩ জন লোকৰ দ্বিতীয় পৰ্যায়ৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰন কৰা হৈছে ।












