ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা আতংকৰ মাজতে ৰাজ্যবাসীৰ বাবে আছে এটা ভাল খবৰ।গোৱালপাৰা তিনিজন কোভিড-১৯ ৰোগীক হাস্পাতালৰ পৰা আজি দিয়া হৈছে ৰিলিজ।স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি পুৱা ১১বজাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ বিগত ১৪টাকৈ দিন চিকিৎসাধীন হৈ থকা তিনি গৰাকীৰ ক’ৰ’ণা আক্রান্তক ৰিলিজ দিয়ে।
শৰ্মাৰ লগত উপস্থিত আছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা। সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া ৰোগী কেইগৰাকী হৈছে ক্ৰমে কবিৰুদ্দিন আহমেদ (৪৫), শ্বাহজাহান আলী আহমেদ আৰু ইউছুফ আলী(১৮)। উল্লেখ যে চিকিৎসকে দুবাৰকৈ তেওঁলোকৰ নমুনা পৰীক্ষা কৰিছিল।দুয়োবাৰ পৰীক্ষাতে তেওঁলোকৰ দেহত ক’ৰনা নিগেটিভ আহে।

অনাহাতে ৰিলিজ ব্যক্তি কেইজনক পুনৰ ১৪দিন কোৱাৰেন্টাইনত ৰখা হ’ব।আনহাতে বুধবাৰে সোণাপুৰ অসামৰিক চিকিৎসালয় পৰা দুজন আক্রান্ত ৰিলিজ দিয়া হৈছে।সেই অনুসৰি বৰ্তমান ৰাজ্য মুঠ ৫গৰাকীৰ ৰোগী এই পয্যন্ত সুস্থ হৈ ঘৰলৈ উভতিছে।উল্লেখ যে ৰাজ্যত মুঠ ৩২গৰাকীৰ ব্যক্তি দেহত ধৰা পৰিছে ক’ৰ’ণা ।তাৰে ১জন ইতিমধ্যে মৃত্যু হৈছে।













