ASSAM TIMES POST
নিউজ ডেস্ক
মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষীৰ অধীক্ষক স্বৰ্ণিল ডেকাক হোমকোৰাণ্টাইনত থকা নির্দেশ।ক’ভিড-১৯ৰ ৰোগী সংস্পৰ্শলৈ অহা বাবে কোৱাৰেন্টাইনত থকা পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে।
বৃহস্পতিবাৰে মৰিগাঁও জিলাত নতুনকৈ ধৰা পৰা ক’ৰনা আক্রান্ত দুগৰাকীৰ সংস্পৰ্শলৈ আহিছিল জিলাখনৰ উপায়ুক্ত আৰু এছপি।ব্যক্তিদুগৰাকীৰ দেহত ক’ৰনা উপস্থিতি পোহৰলৈ অহাৰ পিছতে উপায়ুক্ত আৰু এছপি গৰাকীয়ে নিজাকৈ হোম কোৱাৰেণ্টাইনত থকা কথা প্ৰকাশ কৰিছে।গুৰুত্বপূৰ্ণ কথা এই যে কোৱাৰেণ্টাইনত থকা অৱস্থাত তেওঁলোকে ঘৰৰ পৰাই দায়িত্ব পালন কৰি থাকিব।
তাপয্য পূৰ্ণ কথা এই যে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰিও জিলাখনৰ বহুকেইজন সাংবাদিকক ৰখা হৈছে কোৱাৰেন্টাইনত।স্বাস্থ্য বিভাগে এই কথা আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই যদিও ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই তেওঁৰ টুইটাৰত এই বাতৰি প্ৰকাশ কৰিছে।













