ASSAM TIMES POST
নিউজ ডেক্স:
চোচিয়েল মিডিয়াৰ এখন ফটো ভাইৰেল হৈ পৰিছে। এসময়ৰ টেলিভিচনৰ জনপ্ৰিয় ধাৰাবাহিক (বৰ্তমানে পুনৰ সম্প্ৰচাৰিত) ৰামায়ণত সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী দিপিকা চিখলিয়াই ব্যক্তিগত চোচিয়েল একাউণ্টত আপলোড কৰা এখন ছবিয়ে সম্প্ৰতি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে।
উক্ত ফটোখনত অভিনেত্ৰীগৰাকীৰ সৈতে আছে বিজেপি দলৰ বৰ্ষিয়ান নেতা তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী,বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে অন্য কিছু লোক।ফটোখনৰ প্ৰসংগত অভিনেত্ৰী গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে মন্তব্য কৰে যে সেইসময়ত লালকৃষ্ণ আদৱানীয়য়ে বৰোদাৰ পৰা নিৰ্বাচনত প্ৰতিদণ্ডিতা আগবঢ়াইছিল আৰু নিৰ্বাচনী প্ৰচাৰ পৰ্বৰ মাজতেই উক্ত ফটোখন তোলা হৈছিল।











