ASSAM TIMES POST
ডিফু : ক’ভিড -19 সম্প্ৰতি পৰিস্থিতিৰ বুজ ল’বলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা কালি নিশা আহি ডিফুত উপস্থিত হয় ৷ আজি পুৱাতে তেওঁ ডিফু মেডিকেল কলেজত উপস্থিত হৈ মেডিকেল কলেজত কভিড-১৯ বিৰুদ্ধে যুজিঁবলৈ কৰা প্ৰচেষ্টাৰ বুজ লয় ৷ ইয়াৰ পিছতে তেওঁ সাংবাদ মাধ্যমৰ আগত ৰাজ্যৰ বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, কাৰ্বি আংলং জিলাত বৰ্তমানলৈকে এগৰাকীও কভিড-১৯ ৰোগী নাই যদিও মেডিকেল কলেজৰ যাৱতীয় প্ৰস্তুতিৰ বুজ লয় ৷


মন্ত্ৰীগৰাকীয়ে কালি মৰিগাঁওত দুগৰাকী ব্যক্তি ৭০ বছৰীয়া ছামচুল আলি আৰু ২৫ বছৰীয়া ফুৰকান আলিৰ সন্দৰ্ভত মন্তব্য কৰি কয় ছামচুন আলিৰ বয়স বেছি হোৱাৰ বাবে আমি কিছু চিন্তিত৷ তেখেত তবলীগ জামাতৰ অসমৰ মুৰব্বী ৷ তেখেতৰ গাত বেমাৰটো দিল্লীৰ নিজামুদ্দিনত, আঠগাঁৱৰ মছজিদত নে ২৯ তাৰিখে মৰিগাঁৱৰ সভাত বেমাৰটো লাগিল সেয়া এতিয়াই ক’ব পৰা হোৱা নাই ৷
ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত জানিব দিয়া অনুসৰি চীন দেশৰ পৰা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পিপিই আৰু ৰেপিড টেষ্ট কিড আনিছে ৷ কিন্তু চীন দেশৰ সামগ্ৰীৰ মানক লৈ প্ৰশ্ন হোৱাৰ বিষয়ে সুধাত তেওঁ কয় চীন দেশৰ পৰা এই সামগ্ৰী অনাৰ বাহিৰে উপায় নাই ৷ কাৰণ বিশ্বৰ আন সকলো দেশৰে উদ্যোগসমূহ বন্ধ আছে ৷ এতিয়া চীন দেশতহে কভিড-১৯ নাই ৷ সেয়ে ভাৰত চৰকাৰ, আমেৰিকা চৰকাৰ সকলোৱে চীন দেশৰ পৰা চিকিৎসা সামগ্ৰী ক্ৰয় কৰিছে ৷ এতিয়া মানৱ জাতি সংকটত ৷ সেয়ে এতিয়া ইয়াক লৈ বিৰ্তক হোৱা উচিত নহয় ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ কভিড-১৯ আক্ৰান্ত ৰোগীসকল ক্ৰমে আৰোগ্য হোৱা বুলি কৈ মন্ত্ৰী শৰ্মাই আজি গোলাঘাটত চিকিৎসাধীন ৪ গৰাকীক ৰিলিজ দিয়া হ’ব বুলি কয় ৷


হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ কৰ্মচাৰীসকলক অহা মাহত দৰমহা দিয়াতো কিছু কঠিন হ’ব বুলি নক’লেও তেওঁ দৰমহাৰ দিয়াৰ চেষ্টা কৰাৰ কথা কৈ তেওঁ ২৫/২৬ তাৰিখে কি হয় ক’ব পৰা হ’ব বুলি মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে ২০ তাৰিখৰ পিছত অসমৰ গ্ৰীণ জ’নৰ জিলা সমূহত লকডাউন কিছু শিথিল কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে ২১ বা ২২ তাৰিখে আন আন জিলা বা গুৱাহাটীত আবদ্ধ হৈ থকা লোকসসকলক নিজৰ নিজৰ ঘৰলৈ যাবলৈ সুবিধা দিয়াৰ কথাও চিন্তা কৰা বুলি কয় ৷
ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকল ৰাজ্যলৈ ঘুৰি অহাৰ পিছত অসমত আন এক সমস্যাৰ সৃষ্টি হোৱাৰ শংকা প্ৰকাশ কৰি তেওঁ তাৰ বাবে চৰকাৰে এক পৰিকল্পনা কৰি থকা বুলি কয় ৷ কভিড-১৯ৰ বাবে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বা আন চিকিৎসালয়লৈ যোৱা গুৰুত্বৰ ৰোগীও বহু ঘন্টা অপেক্ষা কৰিব লগা হয় ৷ কাৰণ কভিড-১৯ টেষ্ট নকৰালৈকে তেওঁৰ চিকিৎসা আৰম্ভ নহয় ৷ ফলত যোৱা দিন কেইটাত প্ৰেচাৰ ষ্টক, হাৰ্ট ষ্টক আদিত বহু ৰোগী চিকিৎসা অবিহনেই মৃত্যু মুখত পৰিছে ৷ এই সমস্যা সমাধানৰ কোনো উপায় এতিয়া নাই বুলি কৈ মন্ত্ৰীগৰাকীয়ে ৰেপিড টেষ্ট কিডসমূহ আহিলেহে এই সমস্যা সমাধান হ’ব বুলি কয় ৷













