ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণাৰ বিৰুদ্ধে এই যুঁজতভাৰত বিশ্বৰ অইন দেশৰ তুলনাত বেচ ভাল অৱস্থাত আছে। স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যাৰ পৰা জনা গৈছে যে ভাৰতত প্রতি ১০ লাখ মানুহৰ ভিতৰত ক’ৰ’ণাৰ মাত্ৰ ৯টা ঘটনা সন্মুখলৈ আহিছে, যিটো সমগ্ৰ বিশ্বত সকলোতকৈ কম। অন্যহাতে, প্রতি ১০ লাখ মানুহৰ ভিতৰত সকলোতকৈ বেছি স্পেইনত ৩২ হাজাৰ ৮৬৪, ইটালীত ২ হাজাৰ ৭৩২, ফ্ৰান্সত ২ হাজাৰ ২৬৫ আৰু আমেৰিকাত ১ হাজাৰ ৯৪৬টা কৰণাত আক্ৰান্ত পোৱা গৈছে।
পৰিসংখ্যা অনুযায়ী, প্রতি ১০ লাখ জনসংখ্যাৰ ভিতৰত ভাৰতত ক’ৰ’ণাত হোৱা মৃত্যুৰ সংখ্যা সকলোতকৈ কম, ০.৩। অন্যহাতে, স্পেইনত ৪০২, ইটালীত ৩৫৮ আৰু ফ্ৰান্সত ২৬৩জনৰ মৃত্যু হৈছে। সংক্ৰমণ বিয়পি পৰাৰ দিশৰ পৰা ভাৰতে অনেক সফলতা লাভ কৰিছে। দেশত মুঠ ১০ হাজাৰ আক্ৰান্তৰ সংখ্যা পাৰ কৰাৰ সময়ত মুঠ ২ লাখ ১৭ হাজাৰ ৫৫৪জনৰ পৰীক্ষা কৰা গৈছিল।
ICMR ৰ তথ্য অনুযায়ী, জাপানত এজন ক’ৰ’ণা পজিটিভ বিচাৰিবলৈ শতকৰা ১১.৪ শতাংশ মানুহৰ পৰীক্ষা কৰা হয়। ইটালীত এই পৰিসংখ্যা ৬.৭, আমেৰিকাত ৫.৩ আৰু ব্ৰিটেইনত ৩.৪। আনহাতে, ভাৰতত ২৪ শতাংশ পৰীক্ষা কৰাৰ পিছত এজন ক’ৰ’ণা পজিটিভৰ ঘটনা পোহৰলৈ আহে।













