ASSAM TIMES POST
নিউজ ডেস্ক :
ক’ৰনা আতংকৰ মাজতে এটা ভাল খবৰ।ৰাজ্যত পুনৰ তিনিগৰাকী ক’ৰনা আক্রান্ত আক্রান্ত আজি দিয়া হৈছে ৰিলিজ।গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা উত্তৰ প্ৰদেশৰ আক্রান্ত মহম্মদ আৰ্শ্বাদ আৰু মহম্মদ ৰিজোৱালক স্বাস্থ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিয়া হৈছে ৰিলিজ।উল্লেখ যে অসমলৈ তবলিগৰ বাবে আহিছিল ব্যক্তিদুজন। তাৰ পিছতে ব্যক্তি দুগৰাকীৰ দেহত ক’ৰনা উপস্থিতি ধৰা পৰাত যোৱা ৩১মার্চত ভৰ্তি কৰোৱা হৈছিল এম.এম চি মেডিকেলৰ আইচলেচন ৱাৰ্ডত।তাৰ পিছতে ১৪দিনতকৈ অধিক সময় চিকিৎসাৰ অন্তত ব্যক্তিদুজন সুস্থ হৈ উঠে।এই কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই।
ইফালে ৰিলিজ দিয়া ব্যক্তিদুজনৰ ঘৰ যিহেতু উত্তৰ-প্ৰদেশত বৰ্তমান সময়ত দেশত সকলো যাতায়ত বন্ধ হৈ থকাৰ বাবে চিকিৎসালয়ৰ ওপৰতে আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়া বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে চিকিৎসালয় খনত সুস্থ দুগৰাকীৰ বাদে বৰ্তমান ১০জন চিকিৎসাধীন হৈ আছে।তাৰে ৪জন অহা ২০এপ্ৰিলত ৰিলিজ দিব পৰা হব বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।
আনহাতে শিলচৰ মেডিকেল কলেজ হাস্পতালতো আজি এগৰাকীৰ আক্রান্তক দিয়া হব ৰিলিজ।এই গৰাকীৰ ৰোগীক ৰিলিজ দিলে ৰাজ্যত মুঠ সুস্থ ৰোগী সংখ্যা হবলৈ ১২জন।এই কথা প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই।
“সুস্থ ৰোগীসকল এতিয়া আপোনাৰ মোৰ দৰে মানুহ।আমাতকৈ তেওঁলোক শক্তিশালী।ৰোগ প্ৰতিৰোধৰ ক্ষমতা আমাতকৈ বহুত বেছি।সুস্থ যোৱা সকল আমাৰ বাবে সম্পদ।তেওঁলোকৰ প্লাজমাৰে এতিয়া আইচিইউত থকা ৰোগীক ভাল কৰিব পৰা গৈছে”- মন্ত্ৰী শৰ্মাই কয়।













