ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰথমে বিচাৰিলে ঔষধ, আৰু এইবাৰ বিচাৰিলে টকা। ইমৰাণ খানে এইবাৰ অৰ্থ সাহায্য বিচাৰিলে SAARC অন্তৰ্ভুক্ত দেশৰ কৰণা পুঁজিৰ পৰা। সমগ্ৰ বিশ্বই যি সময়ত কৰণা ভাইৰাছৰ ভয়ত আতংকত আছে, তেনে সময়তে SAARC অন্তৰ্ভুক্ত দেশসমূহক একগোট হোৱাৰ আহ্বান জনাইছিল ভাৰত চৰকাৰে। এক বৈঠকৰ মাধ্যমেৰে তেওঁলোক একত্ৰিত হৈছিল।
বৈঠকত ভাৰত চৰকাৰে SAARC অন্তৰ্ভুক্ত দেশসমূহক কৰণা ভাইৰাছৰ মোকাবিলা কৰাৰ কাৰণে এটা পুঁজি গঠন কৰাৰ কথা কৈছিল। পাক চৰকাৰে সেই বৈঠকৰ বিৰোধিতা কৰিছিল আৰু তাত কাশ্মীৰ প্ৰসংগ উত্থাপন কৰি ভাৰতক শ’লঠেকত পেলাব বিচাৰিছিল। তেতিয়া সকলো দেশেই পাকিস্তানৰ নিন্দা কৰিছিল। আৰু এতিয়া সেই কৰণা পুঁজিত ভাৰতে ১০ মিলিয়ন ডলাৰ দিয়াৰ পিছতেই তাৰ পৰা পাক চৰকাৰে ৩ মিলিয়ন ডলাৰ সাহায্য বিচাৰিছে।













