ASSAM TIMES POST
নিউজ ডেস্ক :
ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত লকডাউন জাৰি আছে। কিন্তু লকডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে দিছে ভাল খবৰ। ২০ এপ্ৰিলৰ পৰা গ্ৰামীণ অঞ্চলত দিয়া হ’ব কিছু শিথিলতা। কি কি শিথিলতা জানি লওক :
# Co-operative Society-এ কম কৰ্মচাৰীৰে কাম আৰম্ভ কৰিব পাৰিব।
# অনুসূচীত জনজাতি আৰু বনাঞ্চলত থকা লোকসকলে ক্ষুদ্ৰ বন উৎপাদন আৰু processing কৰিব পাৰিব।
# বাঁহ, নাৰিকল, চুপাৰি আৰু মচলাৰ খেতি, processing, পেকেজিং, বিক্ৰীৰ সৈতে লেনদেন কৰাৰ বাবে শিথিলতা।
# গ্ৰামাঞ্চলত থকা নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠান তথা MFI সীমিত কৰ্মচাৰীৰে কাম কৰাৰ অনুমতি।
# গ্ৰামাঞ্চলৰ নিৰ্মাণ কার্যসমূহক ২০ এপ্ৰিলৰ পৰা ৰেহাই।
# গ্ৰামাঞ্চলৰ পানী যোগান, বিদ্যুৎ আৰু যোগাযোগৰ সৈতে জড়িত সেৱা আৰু গতিবিধিত শিথিলতা।
# দৈনন্দিন প্ৰয়োজনৰ সৈতে জড়িত সেৱা আৰু দোকানসমূহ ২০ এপ্ৰিলৰ পৰা খোলা হ’ব।
# গেলামালৰ দোকান, ৰেচনৰ দোকান, বৈদ্যুতিক, IT খণ্ডৰ মেৰামতি প্ৰতিষ্ঠান, মটৰ মেকানিক, কুৰিয়াৰ, DTH আৰু কেবল সেৱা আৰম্ভ হ’ব।
# ই-কমাৰ্চ কোম্পানীসমূহ আৰম্ভ কৰিব পাৰিব।
# ডেলিভাৰীৰ বাবে ব্যৱহৃত বাহনসমূহক ৰেহাই দিয়া হ’ব।
# সকলো সেৱাত হোম ডেলিভাৰী দিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ দায়িত্ব হ’ব।
# এই সকলো ক্ষেত্ৰতে অধিক লোক বাহিৰলৈ ওলোৱাটো কঠোৰভাৱে বন্ধ আৰু সামাজিক দূৰত্ব অৱশ্যেই মানি চলিব লাগিব।
# ফ্লিপকাৰ্ড, আমাজন আৰু পেটিএমৰ দৰে অনলাইন কোম্পানীসমূহে ২০ এপ্ৰিলৰ পৰা নিজৰ ব্যৱসায় সম্পূৰ্ণভাৱে আৰম্ভ কৰিব পাৰিব।













