ASSAM TIMES POST
গুৱাহাটীঃ লকডাউনৰ মাজতে অহা ২১এপ্ৰিলৰ পৰা আৰম্ভ হ’ব অসম সচিবালয়ৰ কাম-কাজ। শনিবাৰে অসম সচিবালয় প্ৰশাসনে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
অসম চৰকাৰৰ সচিবালয় প্ৰশাসনৰ আয়ুক্ত সচিব এম অংগমথুৱে প্ৰকাশ কৰা নিৰ্দেশনাটোত কৰ্মচাৰীসকলৰ বাবে বান্ধি দিয়া হৈছে বহুকেইটা কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সেই অনুসৰি ছেনিটাইজাৰ ব্যৱস্থা থাকিব লাগিব আৰু সঘনে হাত ধোঁৱা বাবে থাকিব লাগিব পানীৰ সু-ব্যৱস্থা।
কাৰ্যালয়ৰ ভিতৰত সকলো কৰ্মচাৰীয়ে পিন্ধিব লাগিব মাস্ক। পাঁচজনতকৈ অধিক কৰ্মচাৰী ওচৰা-উচৰিকৈ থাকিব নোৱাৰিব। বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব।
ইয়াৰ উপৰিও ধঁপাত-গোটখা, পানী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। একেদৰে বাহিৰত পেলাব নোৱাৰিব থু। নিৰ্দেশনটোত উল্লেখ আছে।
সচিবালয়ৰ প্ৰতিটো বিভাগৰ মুখত থাকিব লাগিব তাপ-মাত্ৰা জোখা মেচিন। এইসমূহ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিছে অংগমথুৱে।
উল্লেখ যে, সচিবালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্রেণী কৰ্মচাৰী ২১ এপ্ৰিলৰ পৰা প্ৰতিটো বিভাগতে সম্পূৰ্ণ কৈ উপস্থিত থাকিব যদিও তৃতীয় আৰু চতুৰ্থবৰ্গ কৰ্মচাৰী অতিমাত্ৰা ৩৩%হে উপস্থিত থাকিব। এই কথাও নিৰ্দেনাটোত স্পষ্টকৈ উল্লেখ আছে।
গুৰুত্বপূৰ্ণ কথা এই যে লকডাউনৰ বাবে যোৱা ২৪ মার্চ পৰা বন্ধ হৈ আছে অসম সচিবালয়ৰ কাম কাজ। তাৰ মাজতে দ্বিতীয় পৰ্যায়ৰ লকডাউন যোৱা ১৪ এপ্ৰিলৰ পৰা ৩ মে’লৈ প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছিল। লগতে তেওঁ উল্লেখ কৰিছিল পৰিস্থিতি অধ্যয়ন কৰি ২০ এপ্ৰিলৰ পিছৰ পৰা কিছু কিছু অঞ্চলত লকডাউন সামান্য সিথিল হোৱা কথা।













