ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যত মাহমাৰী ক’ৰোনা ভাইৰাছৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সংবাদমেল। গুৱাহাটী ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয়, “দেশৰ অন্য ৰাজ্যৰ তুলনাত বৰ্তমান সময়ৰ লৈকে অসমৰ পৰিস্থিতি যথেষ্ট সন্তোষজনক”।
দেশৰ অন্য ৰাজ্যৰ তুলনাত বৰ্তমান সময়ত অসমত প্ৰতি ১০লাখ ব্যক্তিৰ ভিতৰত ১২০জনক কৰা হৈছে ক’ৰোনা পৰীক্ষাৰ। ৰাজ্য মুঠ পাঁচটা পৰীক্ষাগাৰত বৰ্তমান সময়লৈকে ৪,৪০০টা নমুনা পৰীক্ষাৰ কৰা হৈছে। তাৰে ৩৪টা পজিটিভ হোৱাৰ বিপৰীতে ৪১৯৯টা নেগেতিভ আৰু ১৬৭টা ৰিজাল্ট বৰ্তমান ওলাবলৈ বাকী আছে। এই কথা প্ৰকাশ কৰে মন্ত্ৰী ডঃ শৰ্মাই।
উল্লেখ যে, শেহতীয়াভাৱে তেজপুৰ মেডিকেল কলেজে ক’ৰোনা নমুনা পৰীক্ষাৰ কৰিবলৈ স্বীকৃতি পাইছে। সেই অনুসৰি বৰ্তমান ৰাজ্যত ৬টালৈ বৃদ্ধি পালে পৰীক্ষা কেন্দ্ৰ। এই কথা শৰ্মাই সংবাদমেলত প্ৰকাশ কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যত মুঠ ক’ৰোনাত আক্রান্ত হৈছে ৩৪জন ব্যক্তি। তাৰে এগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ বিপৰীতে ১২জন বৰ্তমান সময়লৈ সুস্থ হৈ ঘৰলৈ উভটিছে আৰু ২১জন বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি উল্লেখ কৰি শৰ্মাই কয়, “মুঠ আক্রান্ত ৪জন অসমৰ বাহিৰৰ উত্তৰ প্ৰদেশৰ চামেলি জিলা। সেই অনুসৰি ৩২জন আক্রান্ত নিজামুদ্দিনৰ সৈতে জড়িত। এজন ডুবাই ভ্ৰমণ কৰিছিল আৰু এজন বৰ্তমান সময়লৈকে ধৰিব পৰা নাই”।
মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি তাপৰ্য পূৰ্ণ কথা এই যে ৰাজ্যত আক্রান্ত বয়স ১৮ৰপৰা ৭১বছৰলৈকে হৈছে। তাৰে ভিতৰত ৫০-৬০ বছৰৰ ভিতৰত আক্রান্ত সংখ্যা অধিক। একেদৰে লিংগ হিচাপত ৰাজ্যত আক্রান্ত হৈছে ৭৯% পুৰুষৰ বিপৰীতে ২১% মহিলা।
আন এটা গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্বতে কেৱল নমুনা পৰীক্ষা বাবে ব্যক্তিৰ ডিঙিৰ পৰা লোৱা হৈছিল নমুনা। কিন্তু এতিয়াৰে পৰা নাক আৰু ডিঙিৰ পৰা মিশ্ৰিত ৰূপত লোৱা হ’ব নমুনা। মন্ত্ৰী শৰ্মাই কয়।
ইফালে বৰ্তমানলৈ আক্রান্ত হোৱা ৩৪জন ৰোগীৰ পৰিয়ালক ২৮দিনৰ কোৱাৰেণ্টাইন কৰাৰ বিপৰীতে বাকীসকলক অৰ্থাৎ যিসকল আক্রান্ত ব্যক্তিক এবাৰ লগ পাইছিল সেইসকল লোকক ১৪দিন কোৱাৰেণ্টাইন কৰি পুনৰ পৰীক্ষা কৰি দিয়া হ’ব যাবলৈ। ৰাজ্যবাসীৰ বাবে ভাল খবৰ এইয়ে যে বৰ্তমান সময়লৈকে চিনাক্ত ৰোগীসকলৰ কোৱাৰেণ্টাইন অৱস্থাত ধৰা পৰিছে ক’ৰোনা আক্রান্ত কথা। ফলত তেওঁলোকে সমাজত সংক্ৰমণ কৰিব পৰা নাই ক’ভিড-১৯ । এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যেত আজি দিনটোত হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছে ১২ হাজাৰ, স্বাস্থ্য বিভাগৰ আস্থায়ী শিবিৰত কোৱাৰেণ্টাইন কৰা আছে ১৫১২জন আৰু মেডিকেলত আছে ৯৮জন। এই তথ্য প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই।













