ASSAM TIMES POST
নিউজ ডেস্ক:
নিজামউদ্দিন জামাতৰ কেৱল মাত্ৰ এখন ধৰ্মীয় সভাৰ পৰাই দেশৰ ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ হ’ল, যিটোৰ পৰিমাণ ২৯.৮ শতাংশ৷ উল্লেখ্য যে দেশত ক’ৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ১৪ হাজাৰ অতিক্ৰম কৰিলে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি ৪৩ জনৰ মৃত্যু হৈছে আৰু ৯৯১ জন আক্ৰান্ত হৈছে৷ এই কথা জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷ দেশত ১৪,৩৭৮জন ক’ৰ’ণা ভাইৰাছ আক্ৰান্তৰ মাজত ৪২৯১ জন নিজামুদ্দিনৰ জামাতৰ সৈতে সম্পৰ্ক আছে৷ আজি সংবাদ মেলত এই কথা প্ৰকাশ কৰে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই৷ ইয়াৰ লগতে স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিবজনে কয়, জামাতৰ পৰা আক্ৰান্ত হয় ২৩ খন ৰাজ্যৰ মানুহ৷
তামিলনাডুৰ ৮৪ শতাংশ, দিল্লীৰ ৬৩ শতাংশ, তেলেংগানাৰ ৭৯ শতাংশ, উত্তৰ প্ৰদেশৰ ৫৯ শতাংশ আৰু অন্ধ্ৰপ্ৰদেশৰ ৬১ শতাংশ ক’ভিড ৰোগীৰ সৈতে তবলিঘীৰ সম্পৰ্ক আছে৷ দেশত সকলোতকৈ আক্ৰান্ত হোৱা ৰাজ্যখন হ’ল মহাৰাষ্ট্ৰ৷ সেইখন ৰাজ্যত এই পৰ্যন্ত ক’ৰ’ণাত আক্ৰান্ত হৈছে ৩২০২ জন৷ যোৱা ২৪ ঘণ্টাত মুম্বাইত আক্ৰান্ত হৈছে ১৭৭ জন৷ সমগ্ৰ দেশত আক্ৰান্ত হৈছে ২৮৬ জন৷ মৃত্যু হৈছে ১৯৪ জন৷ ক’ৰ’ণাত মৃত্যুৰ হাৰ হ’ল ৩.৩ শতাংশ৷ এই পৰ্যন্ত সুস্থ হৈছে ১৯৯১ জন৷ দেশৰ ২৩ ৰাজ্যৰ ৪৭ জিলাত ক’ৰ’ণা মোকাবিলাত ইতিবাচক পোৱা গৈছে৷ যোৱা৷২৮ দিনত কোনো পজিটিভ পোৱা নাই৷ আনহাতে ০-৪৫ বছৰৰ ৰোগীৰ মৃত্যুৰ হাৰ ১৪.৪ শতাংশ, ৪৫-৬০ বছৰৰ মাজত মৃত্যুৰ হাৰ ১০.৩ শতাংশ, ৬০-৭৫ বছৰৰ মাজত মৃত্যুৰ হাৰ ৩৩.০১ শতাংশ আৰু ৭৫ বছৰৰ ওপৰত মৃত্যুৰ হাৰ ৪২.২ শতাংশ৷ শতাংশ হিচাপত এই পৰ্যন্ত সুস্থ হৈ উঠিছে ১৩.৮৫ শতাংশ ৰোগী৷













