ASSAM TIMES POST
নিউজ ডেস্ক:
দেশৰ নেতাসকলৰ লগতে বিভিন্ন পক্ষই উৰাবাতৰি বিয়পোৱাত বাধা প্ৰদান কৰি আছে৷ আনহাতে উৰাবাতৰিত অযথা আতংকিত নহ’বৰ বাবে ৰাইজলৈ আহ্বান কৰিছে৷ ক’ৰ’ণা ভাইৰাছক লৈ এই পৰিস্থিতিত সঠিক তথ্যৰ ভিত্তিত আপডেট দিবলৈ আৰু ভুল তথ্য শ্বেয়াৰ কৰাৰ সন্দৰ্ভত জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি নিজেই এই কথা শ্বেয়াৰ কৰিলে ফেচবুকৰ প্ৰতিষ্ঠাতা মার্ক জুকেৰবার্গে৷ তেওঁ এক মুকলি পত্ৰত লিখিছে, আগতে মানুহক সচেতন কৰা হ’ব৷ স্বাস্থ্য পৰিসেৱাৰ সৈতে যুক্ত প্ৰায় ২০০ কোটি ইউজাৰ, ক’ৰ’ণা ভাইৰাছ সংক্ৰান্তীয় তথ্য দিছে ফেচবুক আৰু ইনষ্টেগ্ৰামত৷ প্ৰায় ৩৫ কোটি ইউজাৰে ক’ৰ’ণা সম্পৰ্কে জানিবলৈ ক্লিক কৰিছে৷
এতিয়া এই সামাজিক মাধ্যমত ভুল তথ্য প্ৰচাৰ কমোৱাৰ কাৰণে আমাৰ প্ৰচেষ্টা চলি গৈছে৷ মাৰ্চৰ পৰা তেওঁৰ সংস্থাই খবৰৰ সত্যতা যাবৰ বাবে কাম আৰম্ভ কৰিছে৷ ১২ খনৰো বেছি নতুন দেশত কাম আৰম্ভ কৰা হৈছে৷ ৬০০ টাৰো বেছি ফেক্ট-চেকিং সংস্থাৰ সৈতে যুক্ত কৰা হৈছে ৫০ টাৰো বেছি ভাষাত ক’ৰ’ণা ভাইৰাছ সংক্ৰান্তীয় বিভিন্ন প’ষ্ট চাইছে ফেচবুকে৷ যদি কোনো প’ষ্ট ভুৱা অথবা ভুল তথ্য থাকে সেইবোৰ আঁতৰ কৰি দিছে৷ তেওঁ লগতে জনায়, মাৰ্চ মাহত ফেচবুকৰ তৰফৰ পৰা নিয়োজিত ফেক্ট-চেকাৰে এনেধৰণৰ প্ৰায় ৪০০০ প’ষ্ট আঁতৰ কৰিছে৷ ক’ৰ’ণা ভাইৰাছ সম্পৰ্কীয় ভুল তথ্য প্ৰকাশৰ কাৰণে ফেক্ট-চেকাৰৰ বিষয়ে লিখা নিবন্ধটোত ‘গ্ৰেট দ্য ফেক্টছ’ নামৰ এটা নতুন ফিচাৰ আৰম্ভ কৰিছে ফেচবুকে৷ জুকেৰবাৰ্গে জনায়, তেওঁৰ সংস্থাই অতি শীঘ্ৰে খবৰ হিচাপে অহা এনে লোকৰ প’ষ্টবোৰ পৃথক কৰি চাবলৈ আৰম্ভ কৰিব৷













