ASSAM TIMES POST
নিউজ ডেস্ক :
ৰেল আৰু বিমান সেৱা ৩ মে’ৰ পিছতো আৰম্ভ হোৱাৰ সম্ভাৱনা নাই। যিহেতু সামাজিক দূৰত্ব বজাই ৰখাটো এটা ডাঙৰ বিষয়, সেয়ে এতিয়াই এই সেৱা আৰম্ভ নহয়। এক সূত্ৰৰ আঁত ধৰি এই বাতৰি পৰিবেশন কৰিছে এন ডি টিভিয়ে। উল্লেখযোগ্য যে দেশত কৰণা আক্ৰান্তই ১৫ হাজাৰ আৰু মৃত্যুৰ সংখ্যাই ৫০০ অতিক্ৰম কৰিছে।
ইয়াৰ পূৰ্বেই নৰেন্দ্ৰ মোদী চৰকাৰে লকডাউনৰ সীমা ৩ মে’লৈ বৃদ্ধি কৰিছিল। সূত্ৰানুসাৰে সকলো বিমান সেৱা সংস্থাক জনাই দিয়া হৈছে, ৩ মে’ৰ পিছতো কোনো বুকিং নকৰিবলৈ। আনহাতে, শনিবাৰেই চৰকাৰে জনাইছে যে এই পৰ্যন্ত দেশীয় আৰু আন্তৰ্জাতিক উৰণ আৰম্ভ কৰাৰ কোনো সিদ্ধান্ত হোৱা নাই।











