ASSAM TIMES POST
নিউজ ডেস্ক:
জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিডাম্বৰমে দুখীয়াৰ মাজত নগদ ধন আৰু বিনামূলীয়া খাদ্য শস্য বিতৰণৰ বাবে কেন্দ্ৰক দাবী জনায়। দেওবাৰে চিডাম্বৰমে এই আহ্বান জনাই কয় যে কেৱল হৃদয়হীন চাৰকাৰেহে একো নকৰিব।
তেওঁ লগতে কয় যে বৃহৎ সংখ্যক লোকে নগদ ধনৰ বাবে বাহিৰ ওলাই আহিবলগীয়া হৈছে আৰু বিনামূলীয়া খাদ্যৰ বাবে দীঘলীয়া শাৰীত থিয় দি থাকিবলগা হৈছে। চৰকাৰে কিয় তেওঁলোকক ক্ষুধাৰ পৰা বচাব পৰা নাই আৰু প্রতিটো দুখীয়া পৰিয়াললৈ নগদ ধন সৰবৰাহ কৰি সুৰক্ষা নিশ্চিত কৰিব পৰা নাই বুলিও তেওঁ চৰকাৰক প্ৰশ্ন কৰে।
তেওঁ লগতে ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে ৭৭ মিলিয়ন টনৰ এক ক্ষুদ্র অংশৰ খাদ্য শস্য খাদ্যৰ প্ৰয়োজন হোৱা পৰিয়ালবোৰত কিয় দিব পৰা নাই বুলিও উল্লেখ কৰে।“এই দুটা প্রশ্ন আৰ্থিক আৰু নৈতিক দুয়োটায়ে। নৰেন্দ্ৰ মোদী আৰু নিৰ্মলা সীতাৰমনে দুটা প্ৰশ্নৰ উত্তৰ দিয়াত বিফল হৈছে, যিটো সময়ত ৰাষ্ট্ৰই অসহায়ভাৱে চাই আছে।” প্ৰাক্তন বিত্ত মন্ত্ৰীজনে টুইটযোগে এনেদৰে কয়।











