ASSAM TIMES POST
নিউজ ডেস্ক:
ভাল খবৰ।আজি পুৱাই সোণাপুৰ অসামৰিক চিকিৎসালয়ত আন এগৰাকী ক’ৰনা আক্রান্তক দিয়া হয় ৰিলিজ।নিজামুদ্দিন সৈতে জড়িত থকা হজৰত আলী নামৰ ক’ৰনা আক্রান্ত গৰাকীৰ সুস্থ হোৱাত আজি যাবলৈ দিয়া হয় ঘৰলৈ।ৰোগী গৰাকীক দুবাৰকৈ পৰীক্ষাৰ কৰি ফলাফল ঋণাত্মক পোৱাত দিয়া হয় ৰিলিজ।
সুস্থ হৈ উঠা ৰোগী গৰাকীক স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ উপস্থিতি দিয়া হয় ৰিলিজ।
উল্লেখ যে ৰাজ্যত মুঠ ৩৪জন ব্যক্তি আক্রান্ত হৈছিল ক’ৰনাত।তাৰে ১জন আক্রান্ত ব্যক্তি চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ বিপৰীতে ১৮গৰাকীৰ এই পয্যন্ত সুস্থ হৈ উঠিছে।বৰ্তমান ১৫গৰাকী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন মেডিকেলত।













